বিশ্বনাথৰ ৰাজীৱ ভৱনত জিলা কংগ্ৰেছৰ বিস্ফোৰক সংবাদমেল... 
অসম

বিশ্বনাথৰ ৰাজীৱ ভৱনত জিলা কংগ্ৰেছৰ বিস্ফোৰক সংবাদমেল...

Asomiya Pratidin

ডিজিটেল সংবাদ বিহালীঃ নিৰ্বাচনী বতাহ গৰম হৈ পৰিছে বিহালী বিধানসভা সমষ্টিত। উপ নিৰ্বাচন অনুষ্ঠিত হ'বলৈ আগবঢ়া সমষ্টিটোত বিজেপিয়ে তীব্ৰ গতিত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে যদিও প্ৰাৰ্থিত্ব কেন্দ্ৰীক সংঘাটত বিধ্বস্ত হৈ পৰিছে বিৰোধী।

বিশেষকৈ জয়ন্ত বৰাক লৈ সমষ্টিটোক কংগ্ৰেছ নেতা, কৰ্মীসকলৰ মাজত সংঘাত তীব্ৰতৰ হৈ পৰিছে। আজি পুনৰ বিশ্বনাথ ৰাজীৱ ভৱনত এক সংবাদ মেল সম্বোধন কৰি বিশ্বনাথ জিলা কংগ্ৰেছে জয়ন্ত বৰাৰ বিৰুদ্ধাচাৰণ কৰে।

সংবাদ মেলত জিলা কংগ্ৰেছে দাবী কৰি কয়, জয়ন্ত বৰাক দলীয়া টিকত প্ৰদান কৰিলে পাপ হ'ব। সেই পাপৰ পৰাচিত জিলা কংগ্ৰেছে সমূহীয়া মুণ্ডনৰ জৰিয়তে কৰিব বুলিও সকিয়নী প্ৰদান কৰে।

সংবাদ মেলত বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাই কয়, হু ইজ জয়ন্ত বৰা? কংগ্ৰেছৰ বেয়া দিনত কংগ্ৰেছ দলৰ হৈ আমি কাম কৰি আহিছো।প্ৰদেশ কংগ্ৰেছে আমাক যেতিয়া যি কাৰ্যসূচী গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে আমি সেই কাৰ্যসূচী নিজৰ জেপৰ ধন খৰচেৰে কৰি আহিছো। তেতিয়া আমাক দলে কাৰ্যসূচী কৰিবলৈ ধন ক'ত পাব নুশুধে।

কিন্তু এতিয়া যদি বাহিৰৰ পৰা কোনো ধনবান লোকক দলে টিকত প্ৰদান কৰে, তেনেহলে নতুন প্ৰজন্মই কি হিচাপে দল কৰিবলৈ আগবাঢ়ি আহিব বুলিও প্ৰশ্ন কৰে।তেওঁ জয়ন্ত বৰাক বিজেপিৰ এজেণ্ট বুলিও আখ্যা দিয়ে।

তেওঁ কয়, জয়ন্ত বৰাক টিকেত প্ৰদান কৰিলে বিশ্বনাথ জিলা কংগ্ৰেছে তাৰ পাপৰ পৰাচিত কৰিব লাগিব। সেয়ে জিলাখনৰ কংগ্ৰেছ নেতা, কৰ্মীয়ে সমূহীয়াভাবে মুণ্ডন কৰিব। তেওঁলোকে জয়ন্ত বৰাক কোনো ধৰণৰ সমৰ্থন আগনবঢ়াই বুলিও সকিয়াই দিয়ে প্ৰদেশ কংগ্ৰেছক।

সংবাদ মেল যোগে সভাপতিগৰাকীয়ে বিহালী উপ নিৰ্বাচনত কংগ্ৰেছ দলে প্ৰেৰণ কৰা পাঁচ জন লোকৰ ভিতৰত যি কোনো এজনক দলীয় টিকত প্ৰদান কৰিবলৈ আহ্বান জনায়।উল্লেখ্য যে বিহালী উপ নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে সদ্য বিজেপি ত্যাগী নেতা জয়ন্ত বৰাৰ নাম উচ্চাৰিত হোৱাৰ লগে লগে বিশ্বনাথ আৰু বিহালী কংগ্ৰেছ নেতা কৰ্মীসকল তীব্ৰ ক্ষোভিত হৈ পৰা দেখা গৈছে।