অসম

বিদ্যুৎস্পৃষ্ট কিশোৰৰ মৃত্যু,ন্যায়ৰ দাবী পৰিয়ালৰলোকৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, বিশ্বনাথঃ পুত্ৰৰ মৃত্যুৰ ন্যায় বিচাৰি এইবাৰ আৰক্ষীৰ কাষ চাপিছে বিশ্বনাথ চাৰিআলিৰ এজন দুৰ্ভগীয়া পিতৃ। বুধবাৰে ১৫ বছৰীয়া কিশোৰে অকাল মৃত্যুক সাৱতি ল'বলগীয়া হৈছিল। তাৰ পাছতে বৃহস্পতিবাৰে নৱম শ্ৰেণীত পঢ়ি থকা কিশোৰগৰাকীৰ পিতৃ গিৰীশ কাছেৰে বিশ্বনাথ চাৰিআলি থনাত মিস্ত্ৰী ৰূপী ঠিকাদাৰ কুৰ্দুছ আলিৰ বিৰুদ্ধে গোচৰ দাখিল কৰিছে।

কালি সন্ধিয়া দাখিল কৰা গোচৰত আলিৰ লগতে ৰাম চকল ভকতৰ নাম উল্লেখ কৰিছে। উল্লেখ্য যে বিশ্বনাথ চাৰিআলিৰ ফলফলিত সংঘটিত দুৰ্ভাগ্যজনক  ঘটনাত এজন কিশোৰৰ কৰুণ মৃত্যু হয়।ফলফলিৰ ৰাম চকল ভকত নামৰ লোকজনৰ ঘৰত শ্ৰমিক হিচাপে কাম কৰি থকা সময়তে কিশোৰজন বৈদ্যুতিক তাঁ‌ৰত লাগি  মৃত্যু মুখত পৰে।

উল্লেখ্য যে বিশ্বনাথৰ ফলফলিৰ ৰাম চকল ভকত নামৰ লোকজনৰ গৃহ নিৰ্মাণৰ কাম চলি আছে। গৃহ নিৰ্মাণৰ কামত  কেইবাগৰাকী শ্ৰমিকে কিছু দিনৰ পৰা নিৰ্মাণ কাৰ্যত ব্যস্ত  আছিল। আন দিনৰ দৰে ঘটনাৰ দিনাও বিপদজনকভাৱে নিৰ্মাণৰ কাৰ্যত তিনিজন শ্ৰমিকে বিদ্যুত সংযোগ কৰি লোৰ কাম কৰি থকাৰ সময়তে কিশোৰজনৰ দেহত বৈদ্যুতিক সংযোগ ঘটাত কাম কৰি থকা স্থানতে ঢলি পৰে।

মাটিত ঢলি পৰা কিশোৰজনক বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে শ্ৰমিক জনৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে।অতি দৰিদ্ৰ পৰিয়ালৰ কিশোৰগৰাকীৰ পিতৃৰ অসুস্থতাৰ বাবে পৰিয়াল চলাবলৈ শ্ৰমিক হিচাপে কাম কৰিবলৈ আহি এই দৰে কৰুণ মৃত্যু হোৱাৰ পিছত পিতৃয়ে আৰক্ষীক বিহীত ব্যৱস্থাৰ দাবী তুলিছে।

তদুপৰি ১৫বছৰীয়া এজন কিশোৰক অতি কম হাৰত কামত বে আইনীভাৱে নিয়োগ কৰি মৃত্যুৰ মুখলৈ ঠেলি দিয়াসকলৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তিৰ দাবী তোলা হৈছে।