অসম

অনিদিৰ্ষ্ট কাললৈ বন্ধ হোৱাৰ সম্ভাৱনা বটলিফ টি ফেক্টৰী

Asomiya Pratidin

ডিজিটেল সংবাদ, বিশ্বনাথঃ সোমবাৰৰ পৰা অনিদিৰ্ষ্ট কাললৈ বন্ধ হ'ব বিশ্বনাথ জিলাৰ বটলিফ টি ফেক্টৰী। কাৰ্যতঃ ৰাসায়নিক দ্ৰব্য বিহীন প্ৰমাণ পত্ৰৰ অবিহনে কোনো বটলিফ টি ফেক্টৰীয়ে ক্ৰয় নকৰে ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাত। ইতিমধ্যে কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্ত অনুসৰি কেঁচা চাহপাত ক্ৰয়ৰ ক্ষেত্ৰত জাৰি কৰা এছ অ পিৰ পিছতে বিশ্বনাথৰ বটলিফ ফেক্টৰী সমূহে অসম চাহ বৰ্ডৰ প্ৰমাণ পত্ৰ বিহীন কোনো খেতিয়কৰ পৰা চাহ ক্ৰয় নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

দেওবাৰে বিশ্বনাথৰ লী পেলেছত অনুষ্ঠিত এক সংবাদমেলত বিশ্বনাথ জিলাৰ বটলিফ ফেক্টৰী সংস্থাৰ সভাপতি দ্বিজেন শইকীয়া আৰু সম্পাদক লক্ষী ভড়ালীয়ে জনাই যে চৰকাৰী নিৰ্দেশনা অনুসৰি অসম চাহ বোৰ্ডৰ দ্বাৰা প্ৰদান কৰা ৰাসায়নিক দ্ৰব্য বিহীন কেচাপাতহে বটলিফ ফেক্টৰীয়ে ক্ৰয় কৰিব পাৰিব। অন্যথা ফেক্টৰীৰ ওপৰত আইনগত ব্যৱস্থা লোৱাৰো নিৰ্দেশনাটোত উল্লেখ আছে। সেয়ে চৰকাৰী নিৰ্দেশ উলংঘা কৰি কোনো কাৰণতে চাহ বোৰ্ডৰ প্ৰমাণ পত্ৰৰ অবিহনে ক্ষুদ্ৰ চাহ খেতিয়কৰ পাত ক্ৰয় কৰা নহ'ব বুলি সংবাদমেলত স্পষ্ট কৰাৰ পিছত ক্ষুদ্ৰ চাহ খেতিয়কৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে।

১ এপ্ৰিলৰ দিনটোত এতিয়া ক্ষুদ্ৰ চাহ খেতিয়কে পাত চিঙি বটলীফ ফেক্টৰীলৈ আনি ৰাসায়নিক দ্ৰব্য বিহীন প্ৰমাণ পত্ৰ কেনেকৈ লাভ কৰিব তাক লৈ এতিয়া বিমোৰত পৰিছে খেতিয়কসকল। কিয়নো ৰাসায়নিক দ্ৰব্য পৰীক্ষা কৰা সামগ্ৰী বৰ্তমান অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে নাই। তেনেক্ষেত্ৰত ক্ষুদ্ৰ চাহ খেতিয়কে চাহপাতৰ ৰাসায়নিক দ্ৰব্য বিহীনতা প্ৰমাণ কৰিব সেয়া এতিয়া লাখটকীয়া প্ৰশ্ন। চৰকাৰীভাৱে স্বাস্থ্যজনিত সমস্যা ৰোধৰ সমান্তৰালকৈ ক্ষুদ্ৰ চাহ খেতিয়কক ৰাসায়নিক দ্ৰব্য ব্যৱহাৰৰ বিকল্প সুযোগ নিদি চৰকাৰে এনে সিদ্ধান্ত গ্ৰহণৰ পিছত ৰাজপথলৈ ওলাই অহাৰহে সুযোগ দিয়া বুলি উচ্চাৰিত হৈছে।