অসম

বিশ্বনাথত চোৰৰ চাফাই অভিযান

Asomiya Pratidin

ডিজিটেল সংবাদ,বিহালীঃ বিশ্বনাথ চাৰিআলিৰ কোচ গাওঁত নিশা চোৰে চলালে ছাফাই অভিযান ৷ ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে ঘৰৰ মূল দৰ্জা ভাঙি চলালে লুটপাত ।

চোৰে ঘৰৰ ভিতৰ সোমাই নগদ ধনসহ প্ৰায় এক লক্ষাধিক টকাৰ আ-অলংকাৰ লৈ যায়৷ ঘৰৰ আলমাৰি ভাঙি নিলে সোণৰ আ-অলংকাৰ ৷

উল্লেখ্য যে, চিকিৎসাৰ বাবে গুৱাহাটীলৈ গৈছিল হেমন্ত বৰদলৈ। তেওঁৰ ঘৰতেই চোৰে চলাই তাণ্ডৱ। ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। স্থানীয়লোকে অভিযোগ কৰা অনুসৰি বিগত কেইটামান দিনত আৰক্ষীৰ বিফলতাৰ বাবেই অঞ্চলটোত চুৰিৰ ঘটনা বৃদ্ধি পাইছে।