ৰঙিয়াৰ গড়পোটত বিজেপি দলৰ বুথ কাৰ্যকৰ্তা সভা... 
অসম

ৰঙিয়াৰ গড়পোটত বিজেপি দলৰ বুথ কাৰ্যকৰ্তা সভা...

Asomiya Pratidin

ডিজিটেল সংবাদ ৰঙিয়াঃ ৰঙিয়াৰ বাৰাংহাটী গাও পঞ্চায়তৰ অন্তৰ্গত গড়পোটত আজি বিজেপি দলৰ বুথ কাৰ্যকৰ্তা সভা অনুষ্ঠিত কৰা হয়। স্থানীয় জগদ্ধাত্ৰি পূজা মন্দিৰ প্ৰাংগণত তদুপলক্ষে অনুষ্ঠিত সভাত উপস্থিত থাকে দৰং ওদালগুৰি লোকসভা সমষ্টিৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী দিলীপ শইকীয়া ।

দলটোৰ ৰাজ্যিক সভাপতি ভবেশ কলিতা, উত্তৰ কামৰূপ জিলা সমিতিৰ সভাপতি সুবল পাল , সম্পাদক হেমন্ত দাস প্ৰমূখ্যে নেতৃবৃন্দৰ উপস্থিতিত অনুষ্ঠিত সভাত আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত ভাষণ ৰাখে। অঞ্চলটোৰ ভিন্ন প্ৰান্তৰ পৰা সমবেত কেবা শতাধিক দলীয় কৰ্মীয়ে সভাত উপস্থিত থাকে।

সভাত বিজেপি দলৰ মনোনীত প্ৰাৰ্থী দিলীপ শইকীয়াৰ সমৰ্থনত ভাষণ ৰাখি নিৰ্বাচনত ৰাইজৰ সহযোগিতা কামনা কৰে নেতৃবৃন্দই। ইফালে সাংবাদিকৰে হোৱা আচুতীয়া সাক্ষাৎকাৰত অংশ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী পদত অধিস্থিত কৰাবলৈ দৰং ওদালগুৰি সমষ্টিৰ প্ৰাৰ্থী গৰাকীক ভোট প্ৰদানৰ বাবে স্থানীয় ভোটাৰ ৰাইজক আহ্বান জনায়।