অসম

বিহালীত বিজেপিত বৃহৎ সংখ্যক যুৱকৰ যোগদান...

Asomiya Pratidin

ডিজিটেল সংবাদ বিহালীঃ সম্প্ৰতি দেশত বলিছে লোকসভা নিৰ্বাচনী বতাহ৷ শাসকীয় দল বিজেপিৰ পৰা বিৰোধী ইণ্ডিয়াৰ মাজত বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা। ঠিক তেনে সময়তে ১১ নং সংসদীয় শোণিতপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বিহালীত প্ৰায় ৩ শতাধিক যুৱকৰ এটা দলে বিহালীৰ বাঘমাৰীৰ পৰা বৰগাংলৈকে প্ৰায় ১৫ কিলোমিটাৰ জোৰা এক বাইক ৰেলী বাহিৰ কৰি বৰগাংস্থিত বিষ্ণুৰাভা ৰংগমঞ্চত অনুষ্ঠিত বিজেপি দলৰ দলীয় সভাত আনুষ্ঠানিকভাৱে যোগদান কৰে ৷

সংসদীয় শোণিতপুৰ সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰঞ্জিত দত্তৰ গৃহ সমষ্টি বিহালীৰ বৰগাংস্থিত বিষ্ণুৰাভা ৰংগ মঞ্চত অনুষ্ঠিত বিজেপি দলীয় সভাত বিগত বিধানসভা নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বিহালীৰ পৰা প্ৰতিদ্বন্দিতা কৰা জয়ন্ত বৰাৰ সহযোগী প্ৰায় ৩০০ যুৱকে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে৷ এই বৃহৎ যোগদানকাৰী দলটোত আছিল বাঘমাৰী চাহ বাগিছাৰ চিকিৎসক আহমেদ আলি নামৰ উচ্চশিক্ষিত যুৱ চিকিৎস এজনো৷

উচ্চ শিক্ষিত যুৱক তথা বিহালীৰ বাঘমাৰী চাহ বাগিছাৰ চিকিৎসক আহমেদ আলি বিজেপি দলত যোগদান কৰা লোকসকলৰ ভিতৰত অন্যতম ৷ চিকিৎসক আহমেদ আলিয়ে বিজেপি দলত যোগদান কৰি সাংবাদিকৰ আগত কা সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

তেওঁ কয়- ব্যক্তিগতভাৱে মইও কা নামানো আৰু কোনো অসমীয়াই কা নামানে। দৰাচলতে 'কা' লৈ মানুহৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি হৈছে। 'কা'ই অসমীয়া জাতিৰ ক্ষতি নকৰে।