আজি কংগ্ৰেছত যোগদান কৰিব ৩ বাৰকৈ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা শক্তিশালী নেতাই... 
অসম

আজি কংগ্ৰেছত যোগদান কৰিব ৩ বাৰকৈ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা শক্তিশালী নেতাই...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আজি বিজেপিত যোগদান কৰিব ৩ বাৰকৈ বিজেপিৰ হৈ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা উজনি অসমৰ এজন শক্তিশালী নেতাই। বিজেপিৰ বেয়া দিনত ৰাজ্যত বিজেপিৰ ভেঁটি শক্তিশালী কৰাত মনোনিবেশ কৰি দলৰ স্বাৰ্থতে ৩ বাৰকৈ লোকসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা এই নেতাগৰাকীয়ে বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰবলৈ লোৱা বিষয়টোৱে বিজেপিৰ ভিতৰচৰাতে জোকাৰণি সৃষ্টি কৰিছে।

বিজপিৰ বেয়া দিনত দল কৰি ভাল দিনত দল এৰি বিৰোধী ৰাজনৈতিক দলত যোগদান কৰিবলৈ উলোৱা এই নেতাগৰাকী আন কোনো নহয়, তেওঁ উদয় শংকৰ হাজৰিকা। উল্লেখ্য, এইগৰাকী নেতাই ১৯৯৮, ১৯৯৯ আৰু ২০০৪ চনত লখিমপুৰ লোকসভা সমষ্টিৰ পৰা বিজেপিৰ হৈ প্ৰতিদ্বন্দিতা কৰিছিল।

বৰ্তমান বিজেপিৰ দখলত থকা এই সমষ্টিটোত অৱশ্যে উদয় শংকৰ হাজৰিকাই প্ৰতিদ্বন্দিতা কৰাৰ সময়ত বিজেপিৰ ভেঁটি আজিৰ দৰে শক্তিশালী নাছিল। সেই সময়ত তেওঁ লখিমপুৰতেই নহয়, সমগ্ৰ ৰাজ্যতে বিজেপিক শক্তিশালী কৰাৰ বাবে চেষ্টা চলাইছিল।

এইগৰাকী বিজেপি নেতাই এতিয়া বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিবলৈ সাজু হৈছে। ইতিমধ্যে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই সংবাদ মাধ্যমৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে।

সমান্তৰালকৈ চৰ্চা চলিছে আন কেইবাজনো বিজেপি নেতাই কংগ্ৰেছত যোগদান কৰিব। ইয়াৰ ভিতৰত আছে দুজন প্ৰাক্তন সভাপতিও।