অসম

অজন্তা নেওগৰ বাসগৃহত বিজেপিৰ নিৰ্বাচন কেন্দ্ৰিক সভা

Asomiya Pratidin

ডিজিটেল সংবাদ, ঘিলাধাৰীঃ ২০২৪ বৰ্ষৰ লোকসভা নিৰ্বাচনৰ দিন ঘোষণা পিছতে তৎপৰ হৈছে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দল৷ দেওবাৰে বিয়লি গোলাঘাটৰ ঘিলাধাৰী বৰুৱাগাঁওস্থিত বিত্তমন্ত্ৰী অজন্তা নেঁওগৰ বাসগৃহত অনুষ্ঠিত হোৱা বিজেপিৰ দলীয় সভাত অংশগ্ৰহণ কৰে বিজেপি দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই৷ সভাত অংশগ্ৰহণ কৰা লগতে সভাপতিগৰাকীয়ে দলটোৰ কৰ্মীসকলৰ সৈতে মতবিনিময় কৰে৷

নিৰ্বাচনৰ দিন ঘোষণা কৰা পিছতো কংগ্ৰেছ দলে লখিমপুৰত এতিয়ালৈকে প্ৰাৰ্থী ঘোষণা কৰিব নোৱাৰা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত কয় যে সংবাদ মাধ্যমৰ যোগেদি জানিবৰ পাৰিছিলো যে দেশৰ লগতে অসমতো ইণ্ডিয়া এলাইএঞ্চ ভালেকেইটা দল লগ হৈছে ৷ অৱশ্যে এটা কথা কংগ্ৰেছ দলটো বহুধাবিভক্ত হৈছিল৷ কংগ্ৰেছ দল তৃণমূল কংগ্ৰেছ ,এন চি পি ,ৰাজ্যিক কংগ্ৰেছক ধৰি বহু কংগ্ৰেছ আছিল৷ তেঁওলোকৰ এটাই উদ্দেশ্য, তেওঁলোকে যে জোঁট বন্ধন কৰিছে, কংগ্ৰেছে যি মিত্ৰতা কৰিছে তাত কেৱল তেঁওলোকক শাসন লাগে,কেৱল শোষণ কৰিবলৈ৷ কাৰণ তেঁওলোকৰ ইতিহাস অসমৰ লগতে ভাৰতবৰ্ষৰ জনগণে পাহৰি যোৱা নাই বুলি মন্তব্য কৰে ভৱেশ কলিতাই।

লগতে গৌৰৱ গগৈয়ে কাজিৰঙা সমষ্টি এৰি যোৰহাটৰ প্ৰাৰ্থী হোৱা সন্দৰ্ভত হোৱা উত্তৰত কয় যে বিগত সময়ত কলিয়াবৰ সমষ্টিত গৌৰৱ গগৈয়ে একোৱে উন্নয়ন কৰিব নোৱাৰিলে৷ একোৱে উন্নয়ন কৰিব নোৱাৰা সমষ্টি হ’ল কাজিৰঙা৷ ৰামঠগন দি কাজিৰঙা পৰা যোৰহাট গ’লগৈ ৷ আগন্তুক ২৫ বছৰলৈ কংগ্ৰেছ অসমলৈ আহিব নোৱাৰে বুলি কংগ্ৰেছ দলক চোকা সমালোচনা কৰে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে৷