ৰাজ্যিক বিজেপিৰ ১৫ গৰাকী ষ্টাৰ কেম্পেইনাৰৰ নাম অনুমোদনৰ বাবে প্ৰেৰণ... 
অসম

ৰাজ্যিক বিজেপিৰ ১৫ গৰাকী ষ্টাৰ কেম্পেইনাৰৰ নাম অনুমোদনৰ বাবে প্ৰেৰণ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অসমৰ ১৪ টা লোকসভা সমষ্টিৰ বাবে বিজেপিৰ ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্ৰেৰণ কৰা হৈছে নিৰ্বাচন আয়োগলৈ। এই তালিকাত মুঠ ১৫ গৰাকী নেতাক ষ্টাৰ কেম্পেইনাৰৰ নাম অনুমোদনৰ বাবে প্ৰেৰণ কৰা হৈছে।

তালিকাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও আছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ নামো। জানিব পৰা মতে নিৰ্বাচন আয়োগৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰা এই তালিকাত কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সৰ্বনন্দ সোণোৱালৰো নাম আছে।

সেইদৰে এই তালিকাত আছে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, মন্ত্ৰী ৰঞ্জিৎ দাস, ডাঃ ৰণোজ পেগু, পীযুষ হাজাৰিকা, জয়ন্ত মল্ল বৰুৱা, অশোক সিংহাল, বিমল বৰা, সাংসদ পল্লৱ লোচন দাস, ৰাজদ্বীপ ৰায়, পবিত্ৰ মাৰ্ঘেৰিটা আৰু স্বপ্না বনিয়াৰ নাম।