কোকৰাঝাৰত FLN ৰ ৫ দিনীয়া প্ৰশিক্ষণ আৰম্ভঃ টয়লেটক লৈ গভীৰ সমস্যাত প্ৰশিক্ষাৰ্থী...  
বড়োলেণ্ড

কোকৰাঝাৰত FLN ৰ ৫ দিনীয়া প্ৰশিক্ষণ আৰম্ভঃ টয়লেটক লৈ গভীৰ সমস্যাত প্ৰশিক্ষাৰ্থী...

৪০০ ৰো অধিক প্ৰশিক্ষাৰ্থীৰ অংশগ্ৰহণ

Asomiya Pratidin

ডিজিটেল সংবাদ কোকৰাঝাৰঃ সমগ্ৰ শিক্ষাৰ কোকৰাঝাৰ শিক্ষাখণ্ডৰ খণ্ড মিচন সমন্বয়কৰ উদ্যোগত আজিৰে পৰা কোকৰাঝাৰত প্ৰথম পৰ্যায়ৰ পাঁচদিনীয়া শিক্ষকৰ প্ৰশিক্ষণ আৰম্ভ হৈছে। নিপুন অসমৰ বুনিয়াদী স্বাক্ষৰতা আৰু সংখ্যিকতা অভিযানৰ(এফএলএন) অংশস্বৰূপে কোকৰাঝাৰত আৰম্ভ হোৱা পাঁচদিনীয়া শিক্ষক প্ৰশিক্ষণৰ প্ৰথম দিনটোত প্ৰায় বিভিন্ন বিদ্যালয়ৰ ৪৫৭ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে ।

ইয়াৰে ডিএন হিমৎসিংকা হাইস্কুলত অসমীয়া মাধ্যমৰ ২৬০ গৰাকী শিক্ষকে প্ৰশিক্ষণ লোৱাৰ বিপৰীতে কোকৰাঝাৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১৯৭ গৰাকী শিক্ষকে প্ৰশিক্ষণত অংশ লয় । কোকৰাঝাৰৰ ডিএন হিম্মৎসিংকা হাইস্কুলত প্ৰশিক্ষণৰ শুভাৰাম্ভ কৰি খণ্ড মিচন সমন্বয়ক স্বৰাজ মহিলাৰীয়ে শিক্ষকৰ প্ৰশিক্ষণৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে ।

এজন শিক্ষকৰ নেৰ্তৃত্ব ল'ব পৰা গুণ থাকিব লাগে আৰু যিকোনো পৰিৱেশত দক্ষতাৰে কৰ্ম সমাপন কৰিব পাৰিব লাগে বুলি উল্লেখ কৰি পাঁচদিনীয়া প্ৰশিক্ষণৰ দ্বাৰা শিক্ষকসকল উপকৃত হ'ব বুলি আশা কৰে। প্ৰশিক্ষণৰ পিছত সেয়া বিদ্যালয়ত গৈ প্ৰয়োগ কৰিব লাগিব বুলি মন্তব্য কৰি শিক্ষা বিষয়া স্বৰাজ মহিলাৰীয়ে প্ৰশিক্ষণৰ সফলতা কামনা কৰিছে।

ইপিনে আজি শিক্ষকসকলক কেইবাটাও গোটত ভাগ কৰি পুৱা ৯:৩০ বজাৰ পৰা ৪:০০ বজালৈ চিআৰচিচি (মণ্ডল সমন্বয়ক) ক্ৰমে নৱকান্ত ৰায়, হেমেন্দ্ৰনাথ মেধী , সঞ্জীৱ ৰায়, ৰহুল আমিন সৰকাৰ, পাপন দেৱনাথ, সাহিদুৰ ৰহমান, আব্দুল ৰেজ্জাক, সমল ব্যক্তি চফিকুল ৰহমান, খণ্ড সমল ব্যক্তি শিপ্ৰা মজুমদাৰ আদিয়ে।

উল্লেখ্য যে, আজি শিক্ষকৰ প্ৰশিক্ষণকালত ৭৫৩ নং ডিএন হিমৎসিংকা প্ৰাথমিক বিদ্যালয়ত প্ৰশিক্ষণ লোৱা শিক্ষক-শিক্ষয়িত্ৰীসকল টয়লেটৰ অভাৱত জীয়াতু ভোগে । যিকেইটা টয়লেট উক্ত বিদ্যালয়ত আছে সেয়া অতিপাত লেতেৰা আৰু ব্যৱহাৰৰ বাবে অনুপযুক্ত বুলি বিবেচিত হৈছে । প্ৰশিক্ষাৰ্থীসকলে টয়লেটৰ সুন্দৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে ।