নৈতিকতাক মূল বিষয় হিচাপে লৈ বাক্সা জিলা এবছুৰ শৈক্ষিক আলোচনা সভা সম্পন্ন 
বড়োলেণ্ড

নৈতিকতাক মূল বিষয় হিচাপে লৈ বাক্সা জিলা এবছুৰ শৈক্ষিক আলোচনা সভা সম্পন্ন

Asomiya Pratidin

ডিজিটংল সংবাদ বাক্সাঃ বৰ্তমান সময়ত ছাত্ৰ-ছাত্ৰীৰ নৈতিক পতন আৰু মাদক দ্ৰব্যৰ প্ৰতি আসক্তি বৃদ্ধিয়ে সমাজলৈ আগবঢ়োৱা কু-প্ৰভাৱ দূৰীকৰণৰ বাবে সৰৱ হৈছে বাক্সা জিলা নিখিল বড়ো ছাত্ৰ সন্থা। সেই উদ্দেশ্যে আজি বাক্সা জিলাৰ মুছলপুৰ জুনিয়ৰ কলেজ চৌহদত বাক্সা জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত এখন শৈক্ষিক আলোচনা সভা অনুষ্ঠিত হয়।

উক্ত শৈক্ষিক আলোচনা সভাত মুছলপুৰ মহকুমাৰ অন্তৰ্গত বিদ্যালয়সমূহৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সৈতে আলোচনাত মিলিত হয় নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বীপেন বড়ো প্ৰমুখ্যে বাক্সা জিলা এবছুৰ সদস্যসকল। শিক্ষক-শিক্ষয়িত্ৰীসকলেও এই সভাত পৰামৰ্শ আগবঢ়ায়।

উক্ত সভাত উপস্থিত থাকি বাক্সা জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি উমেশ দৈমাৰীয়ে অসমৰ মুখ্যমন্ত্ৰীয়ে নথি-পত্ৰ অবিহনেও হেলমেট পৰিধান কৰি গাড়ী চলাব পাৰিব বুলি কৰা ঘোষণাৰ বিৰোধিতা কৰি কয় যে, যিকোনো গাড়ী চলোৱাৰ ক্ষেত্ৰত অনুজ্ঞাপত্ৰ খুবেই প্ৰয়োজনীয় । বাক্সা জিলাৰ সকলো চালককে অনুজ্ঞাপত্ৰ লগত ৰাখিহে গাড়ী চলাবলৈ তেওঁ আহ্বান জনায় ।