বড়োলেণ্ড

ঐতিহাসিক মহামুনি থানত বাৰ্ষিক উৎসৱ উদযাপন

Asomiya Pratidin

ডিজিটেল সংবাদ,ওৰাং : হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে ওদালগুৰি জিলাৰ পূব প্ৰান্তত অৱষ্ঠিত ৫শ বছৰ পুৰণি ঐতিহাসিক মহামুনি থান। তিনিদিনীয়া বৰ্ণময় কাৰ্য্যক্ৰমণিকাৰে আয়োজিত বাৰ্ষিক অনুষ্ঠানৰ শুকুৰবাৰে অন্তিমটো দিন ৷

পুৱাৰ ভাগৰ পৰাই ওদালগুৰি জিলাৰ ভিন্ন প্ৰান্তৰ পৰা নামতি দলৰ দিহানাম, থিয়নামেৰে মুখৰিত হৈ পৰে মহামুনি দেৱালয়ৰ পৰিবেশ ৷ মহামুনিৰ প্ৰতি ভক্তি আৰু আধ্যাত্মিক পৰিবেশে সমাজখনক ধৰি ৰখাৰ মাজেৰে এক ভাতৃত্ববোধৰ পৰিবেশ সৃষ্টি কৰিছে বুলি অনুষ্ঠানত উপস্থিত থকা বি টি আৰ প্ৰধন প্ৰমোদ বড়োৱে মন্তব্য প্ৰদান কৰে।

আনহাতে সাংসাদ দিলীপ শইকীয়াই কয়- অসমৰ ঐতিহাসিক পীঠস্থানসমূহৰ সমন্তৰালভাৱে মাজবাটৰ ঐতিহাসিক মহামুনি দেৱালয়কো পৰ্য্যটন থলীলৈ পৰ্য্যবেশিত হোৱাৰ থল আছে। দুয়োগৰাকী ৰাজনৈতিক নেতাই আজি উক্ত অনুষ্ঠানত উপস্থিত হৈ মহামুনি থানৰ আশীষ লয়।