বিজনীত ব্যৱসায়ীক প্ৰতিষ্ঠানৰ বেৰত লগালে অসমীয়া, হিন্দু বিৰোধী পোষ্টাৰ... 
বড়োলেণ্ড

বিজনীত ব্যৱসায়ীক প্ৰতিষ্ঠানৰ বেৰত লগালে অসমীয়া, হিন্দু বিৰোধী পোষ্টাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ চিৰাংঃ চিৰাং জিলাৰ বিজনীৰ ১ নং ভেটাগাঁও-দেউকুৰাপাৰত ব্যবসায়ীক প্ৰতিষ্ঠানৰ বেৰত দুষ্ট চক্ৰৰ আপত্তিজনক ভাষাত পোষ্টাৰিঙৰ ঘটনা সংঘটিত হৈছে। স্থানীয় লোকৰ সন্দেহ সোমবাৰ নিশাৰ ভাগত অঞ্চলটোৰ কেইবাখনো ব্যৱসায়ীক প্ৰতিষ্ঠানৰ বন্ধ কৰি ৰখা দৰ্জা আৰু বেৰত অসমীয়া- হিন্দু বিৰোধী আপত্তিজনক হাতে লিখা পোষ্টাৰ আঁৰি দি যায় ।

বগা কাগজত ক'লা চিঞাহীৰে হাতে লিখা পোষ্টাৰবোৰত "অসমীয়াৰ দাদাগিৰী নচলিব", "মিঞা জিন্দাবাদ", হিন্দু মুৰ্দাবাদ, "মিঞা জিন্দাবাদ", "মিঞাৰ ওপৰত অত্যাচাৰ কৰিলে অসমত শান্তিত থাকিবলৈ নিদিওঁ", "ধৰ্ষণ কেবল মিঞাই নকৰে হিন্দুয়েও ধৰ্ষণ কৰে", মিঞা জিন্দাবাদ আদি আপত্তিজনক তথা ভাবুকি ভৰা ভাষা লেখা আছে।

মঙ্গলবাৰে পুৱা অঞ্চলটোৰ ৰাইজে পোষ্টাৰসমূহ প্ৰত্যক্ষ কৰে আৰু পোষ্টাৰত লিখা আপত্তিজনক ভাষা পঢ়াৰ পিছত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। কোনে, কি উদ্দেশ্যৰে বিজনীত এনেধৰনৰ অশান্তি বিয়পিব পৰা কাণ্ড সংঘটিত কৰিলে ইয়াৰ এক উচিত তদন্ত দাবী কৰে।

খবৰ লাভ কৰি বিজনী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ প্ৰথমে আপত্তিজনক ভাষাৰ পোষ্টাৰসমূহ আঁতৰাই দি তদন্ত আৰম্ভ কৰে। তাৰ পিছত বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায় ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু এই সমগ্ৰ ঘটনাৰ আৰঁত কোন দুষ্ট চক্ৰ জড়িত হৈ আছে সেয়া উচিত তদন্ত কৰি পোহৰলৈ আনিব লাগিব বুলি মন্তব্য প্ৰকাশ কৰে ।

কোনো জাতি বা ধৰ্মক উদ্দেশ্য কৰি এনেধৰনে আপত্তিজনক পোষ্টাৰ আঁৰি দি এই অঞ্চলৰ ভ্ৰাতৃত্ববোধ পৰিৱেশ বিনষ্ট কৰিব, সেইটো হ'বলৈ দিয়া নহ'ব আৰু এই কাণ্ড সংঘটিত কৰা চক্ৰটোৰ সন্দৰ্ভত যদি কোনো তথ্য ৰাইজে লাভ কৰে তেন্তে আৰক্ষীক অৱগত কৰিবলৈ আহ্বান জনায় বিধায়ক অজয় কুমাৰ ৰায়ে।

ইপিনে আছুৰ সুদ্বীপ চন্দই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে যোৱা কিছুদিন ধৰি সমগ্ৰ অসমত সাম্প্ৰদায়িক বীজ বিয়পি দিয়াৰ বাবে এটা শক্তিয়ে অনবৰত চেষ্টা চলাই আছে। তাৰে প্ৰতিফলন আজি বিজনীত দেখিবলৈ পোৱা গৈছে। এনেধৰনৰ কাৰ্যক বিজনী আঞ্চলিক আছুৰ পৰা তীব্ৰ গৰিহণা জনাইছো লগতে এনে পোষ্টাৰ আঁৰি দি সমাজত সাম্প্ৰদায়িক হিংসা বিয়পাই দিয়াৰ অপচেষ্টা কৰা দুষ্ট চক্ৰক ২৪ ঘন্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিবলৈ প্ৰশাসনক আহ্বান জনায়।

লগতে কোনেও যাতে এনেধৰনৰ দুষ্ট চক্ৰৰ বলি নহয় তাৰ বাবে বিজনীবাসীক সজাগ হৈ থাকিবলৈ আহ্বান জনায়। তৃণমূল কংগ্ৰেছৰ নেতা অনিৰ্বাণ সেনেও এই ঘটনাত উদ্বেগ প্ৰকাশ কৰে আৰু বিজনী এলেকাত সাম্প্ৰদায়িক অশান্তি বিয়পাবলৈ ষড়যন্ত্ৰত লিপ্ত হোৱা চক্ৰটোক অতিশীঘ্ৰেই গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী প্ৰশাসনক আহ্বান কৰে।