চিৰাঙত আৰক্ষীৰ অভিযানত অস্ত্ৰভাণ্ডাৰ উদ্ধাৰ... 
বড়োলেণ্ড

চিৰাঙত আৰক্ষীৰ অভিযানত অস্ত্ৰভাণ্ডাৰ উদ্ধাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ চিৰাংঃ বৃহস্পতিবাৰে নিশা চিৰাঙত আৰক্ষীৰ অভিযানত বুজন পৰিমাণৰ মাৰণাস্ত্ৰ আৰু সক্ৰিয় গুলী উদ্ধাৰ কৰাৰ পিছত আজি পুনৰ জিলাখনত বৃহৎ পৰিমানৰ মাৰণাস্ত্ৰ উদ্ধাৰ হৈছে। আজি উদ্ধাৰ হোৱা মাৰণাস্ত্ৰসমূহৰ ভিতৰত ১২ টা হস্ত নিৰ্মিত বন্দুক, ৪ টা পিষ্টল আৰু এটা ৰিভলভাৰ উদ্ধাৰ কৰে ।

চিৰাঙত এই অস্ত্ৰ উদ্ধাৰৰ বিতং তথ্য সংবাদ মাধ্যমৰ আগত সদৰি নকৰিলেও অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জি. পি. সিঙে আংশিক তথ্য সামাজিক মাধ্যমত উল্লেখ কৰিছে। কিন্তু চিৰাং আৰক্ষী ফালৰ পৰা কি পৰিস্থিতিত, ক'ৰা পৰা এই বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰখিনি উদ্ধাৰ কৰিলে এই সন্দৰ্ভত কোনো তথ্য সংবাদ মাধ্যমৰ আগত আনুষ্ঠানিক ভাবে সদৰি কৰা নাই ।

আৰক্ষীৰ সূত্ৰই দাবী কৰা মতে একমাত্ৰ তদন্তৰ খাতিৰতে এই মাৰণাস্ত্ৰ উদ্ধাৰৰ সকলো তথ্য সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰাৰ পৰা বিৰত আছে। উল্লেখ্য যে, বৃহস্পতিবাৰে চিৰাং আৰক্ষীয়ে বিজনী আৰু ৰুণীখাতা থানা এলেকাৰ পৰা ২ টা হস্তনিৰ্মিত একে ছিৰিজৰ ৰাইফল, এটা ৰিভলভাৰ, ৫ জাই সক্ৰিয় গুলী আৰু ৬ টা ৱাকী টকী উদ্ধাৰ কৰিছিল।