বড়োলেণ্ড

অলচিকি লিপি গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰোধিতা অসম চাওঁতালী সাহিত্য সভাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,চিৰাং : শেহতীয়াকৈ অসম চৰকাৰে চাওঁতালী ভাষাৰ চৰকাৰী শিক্ষানুষ্ঠানত প্ৰচলিত হৈ থকা ৰোমান সদৃশ চাওঁতাল লিপি বাতিল কৰি নতুনকৈ চাওঁতালী অলচিকি লিপি গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰোধিতা অসম চাওঁতালী সাহিত্য সভাৰ । ১৯৭৩ চনৰ পৰা অসমত চৰকাৰী বিদ্যালয়ৰ ৰোমান সদৃশ লিপিত চাওঁতালী ভাষাত শিক্ষাদান কৰি আহিছে কিন্তু ২৯ আগষ্টত বিধানসভাৰ শৰৎকালীন অধিবেশনত অসমৰ মুখ্যমন্ত্ৰীয়ে উক্ত ৰোমান সদৃশ চাওঁতালী লিপি বাতিল কৰি নতুনকৈ অলচিকি চাওঁতাল লিপিত শিক্ষাদান কৰা হ'ব বুলি ঘোষণা কৰে

এই ঘোষণাৰ প্ৰতি তীব্ৰ বিৰোধীতা কৰে অসম চাওঁতালী সাহিত্য সভাৰ চিৰাং জিলা সমিতিয়ে । চিৰাঙৰ বেংতলত অসম চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধীতা কৰি অসম চাওঁতালী সাহিত্য সভাৰ চিৰাং জিলা সমিতিৰ উদ্যোগত এক প্ৰতিবাদী সভা অনুষ্ঠিত হয়।

সভাত উপস্থিত ৰাইজে চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ জনাই শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে । অসম চাওঁতালী সাহিত্য সভাৰ চিৰাং জিলা সমিতিৰ সভাপতি ভাইয়া মোহন চোৰেনে সংবাদ মাধ্যমৰ আগত কয় যে অসম চৰকাৰে প্ৰাক প্ৰাথমিক বিদ্যালয়ত চাওঁতালী ভাষাক মাধ্যম হিচাপে শিক্ষাদান কৰাৰ কথা ঘোষণা কৰাত আমি সুখী হৈছো ।

চৰকাৰৰ এই সিদ্ধান্তক আমি চাওঁতাল সাহিত্য সভাই আঁদৰণি জনাইছো । কিন্তু চৰকাৰে চাওঁতাল সাহিত্য সভাৰ সৈতে কোনো ধৰনৰ আলোচনা নকৰাকৈ ইমান দিনে ৰোমান সদৃশ লিপিৰে চাওঁতালী ভাষাত অধ্যয়ন কৰি থকা ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ বাবে একেবাৰে অচিনাকী অলচিকি লিপিক জাপি দিয়াটো সিদ্ধান্তক দুৰ্ভাগ্যজনক আখ্যা দিয়ে। চৰকাৰৰ এই সিদ্ধান্তৰ ফলত এনেই শিক্ষাৰ দিশত পিছত পৰি থকা চাওঁতাল জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰী সকল শিক্ষা দিশত আৰু পিছুৱাই যাব বুলি আশংকা প্ৰকাশ কৰে । সেয়ে অসম চৰকাৰে এই অলচিকি লিপি বাতিল কৰি পূৰ্বৰ ৰোমান সদৃশ লিপি বাহাল ৰাখিবলৈ দাবী উত্থাপন কৰে ।