অগ্ৰণী খবৰ 
বড়োলেণ্ড

অসম বাৰ্তাজীৱী সংঘৰ সোণালী জয়ন্তীৰ বিশেষ অনুষ্ঠান

Asomiya Pratidin

ডিজিটেল সংবাদ, ওদালগুৰি : অসম বাৰ্তাজীৱী সংঘৰ গৌৰৱোজ্জ্বল সোণালী জয়ন্তীৰ বিশেষ অনুষ্ঠান "নাগৰিক সমাজৰ সৈতে সাংবাদিকৰ আলাপ" অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ওদালগুৰি জিলা বাৰ্তাজীৱী সংঘৰ দ্বি-বাৰ্ষিক অধিবেশনখনি অহা ২৮ আৰু ২৯ ছেপ্টেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে ওদালগুৰি পৌৰসভাৰ সভাগৃহত অনুষ্ঠিত কৰিবলৈ আয়োজন কৰা হৈছে। কাৰ্যসূচী অনুসৰি ২৮ ছেপ্টেম্বৰৰ বিয়লি ৫ বজাত প্ৰতিনিধি আৰু বিষয় বাচনি সভা উদ্বোধন কৰিব বিশিষ্ট সমাজকৰ্মী মিনন মোছাহাৰীয়ে।

উক্ত প্ৰতিনিধি আৰু বিষয় বাচনি সভাত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকিব ক্ৰমে- অসম বাৰ্তাজীৱী সংঘৰ সাংগঠনিক সম্পাদক বশিষ্ঠদেৱ ফুকন, ওদালগুৰি জিলা বাৰ্তাজীৱী সংঘৰ উপদেষ্টা গৌতম জ্যোতি তালুকদাৰ আৰু দৰং জিলা বাৰ্তাজীৱী সংঘৰ সম্পাদক লক্ষীনন্দন কলিতা ।২৯ ছেপ্টেম্বৰৰ দিনৰ ১১ বজাত নাগৰিক সমাজৰ সৈতে সাংবাদিকৰ বাৰ্তালাপ আৰু সম্বৰ্দ্ধনা অনুষ্ঠান উদ্বোধন কৰিব বিটিআৰ'ৰ তথ্য আৰু জনসংযোগ বিভাগৰ কাৰ্যবাহী সদস্য ড° নিলুৎ স্বৰ্গীয়াৰীয়ে।

উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ক্ৰমে- বিটিআৰ'ৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, দৰং-ওদালগুৰিৰ সাংসদ দিলীপ শইকীয়া আৰু অসম বাৰ্তাজীৱী সংঘৰ সভাপতি মধূসূধন মেধী। নিৰ্দ্দিষ্ট বক্তা হিচাপে জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতা উপস্থিত থাকিব।

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব ক্ৰমে- বিটিআৰৰ উপ-মুখ্য কাৰ্যবাহী সদস্য তথা বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰী, বিটিআৰৰ জলসিঞ্চন বিভাগৰ কাৰ্যবাহী সদস্য দিগন্ত বৰুৱা, ওদালগুৰিৰ জিলা আয়ুক্ত পুলক পাটগিৰি, নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বিপেন বড়ো, অসম বাৰ্তাজীৱী সংঘৰ সাধাৰণ সম্পাদক মুকুটৰাজ শৰ্মা, ওদালগুৰিৰ পৌৰপতি ৰাকেশ বড়ো, অসম বাৰ্তাজীৱী সংঘৰ কোষাধ্যক্ষ নৱনিতা কলিতা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি খনীন্দ্ৰ ৰাজবংশী।

সন্মানীয় অতিথি হিচাপে থাকিব ক্ৰমে- বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক নিলকান্ত গয়াৰী, ওদালগুৰি জিলা সাহিত্য সভাৰ সভাপতি গৌৰীকান্ত দাস, ওদালগুৰি জিলা ছাত্র সন্থাৰ সভাপতি বিতোপন দাস, ওদালগুৰি জিলা বডোলেণ্ড সাংবাদিক সন্থাৰ সভাপতি গুণজিৎ দাস আৰু ওদালগুৰি প্ৰেছ ক্লাবৰ সভাপতি ধীৰেন বৈশ্য। উক্ত সভাতেই সামাজিক ক্ষেত্ৰত বিশেষ বৰঙণি আগবঢ়োৱা বিশিষ্ট ব্যক্তিলৈ সম্বৰ্দ্ধনা জনোৱা হ'ব।

দুয়োদিনৰ সকলো কাৰ্যসূচীতে সকলো সাংবাদিক, সচেতন ৰাইজৰ সহযোগিতা আগবঢ়াবলৈ ওদালগুৰি জিলা বাৰ্তাজীৱী সংঘৰ সভাপতি অখিল কলিতা আৰু সাধাৰণ সম্পাদক মোছাদ্দিক হুছেইনে আহ্বান জনাইছে।