বড়োলেণ্ড

পলিটিকেল হাবত পৰিণত কোকৰাঝাৰঃ এইবাৰ কংগ্ৰেছৰ বিশাল যোগদান সভা...

Asomiya Pratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ 'প্ৰমোদ বড়োৰ এতিয়া শ্লোগান হৈছে ডিভাইড মানি ৫০/ফিফটি। কোকৰাঝাৰলৈ যিমান পইচা আহে তাৰে আধা তেওঁ ল'ব আৰু আধা দিছপুৰক দিব বা বিজেপিক দিব। যিজন মানুহে ছাত্ৰ নেতা থকা অৱস্থাত ডিভাইড আছাম ৫০/ফিফটি বুলি কৈ, বড়োলেণ্ড লাগে বুলি কৈ আন্দোলন কৰিলে, সেই একেজন মানুহে ক্ষমতা পোৱাৰ পিছত ডিভাইড আছাম ৫০/ফিফটি বাদ দি ডিভাইড মানি ৫০/ফিফটি কৰিলে।'- এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ।

কোকৰাঝাৰ জিলা কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত হোৱা দলীয় সভা আৰু যোগদান কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি শুকুৰবাৰে সংবাদমাধ্যমৰ আগত উক্ত মন্তব্য প্ৰদান কৰিছে প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই। কোকৰাঝাৰত পদাৰ্পন কৰাৰ পিছতে কিছুমান মানুহৰ মুখত উক্ত কথাখিনি শুনা বুলি কৈ আৰু সঁচা-মিছাও নাজানো বুলি মন্তব্য কৰি প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই কয় যে- বড়োলেণ্ড লাগে বুলি কোৱা একাংশ নেতা এতিয়া বেংগল আৰু দিল্লীত লেণ্ড(মাটি) কিনিছে। দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰে ছানি ধৰা বিটিআৰত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ সপোনৰ সম্পূৰ্ণ বিপৰীত দিশ দেখা গৈছে। সামাজিক, অৰ্থনৈতিক উন্নয়ন আৰু প্ৰগতিৰ সলনি এতিয়া দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰে ছানি ধৰিছে বিটিআৰ। বহু আশাৰে কোকৰাঝাৰৰ ৰাইজে দুটা আঞ্চলিক দলৰ জন্ম দিছিল। ইয়াৰে এটা বিপিএফ আৰু আনটো ইউপিপিএল।

দুয়োটা দলে বিজেপি আৰু মুখ্যমন্ত্ৰীৰ দবাখেলৰ গুটিত পৰিণত হৈছে যাৰ বাবে জনতা নাৰাজ হৈ কংগ্ৰেছৰ প্ৰতি আকৰ্ষিত হৈছে। পূৰ্বতে কোকৰাঝাৰত কংগ্ৰেছৰ সাংগঠনিক স্থিতি শক্তিশালী নাছিল কিন্তু বৰ্তমান সাংগঠনিক স্থিতি মজবুত হৈছে আৰু নৱপ্ৰজন্ম কংগ্ৰেছৰ প্ৰতি আকৰ্ষিত হৈছে। বিটিআৰৰ ৰাইজ লুণ্ঠন-শোষণৰ বলি হৈছে আৰু উন্নয়ন স্তব্ধ হৈছে বুলি মন্তব্য কৰি ভূপেন বৰাই কয় যে- প্ৰমোদ বড়োৰ ধন সৰ্বোচ্চ ৰাজনীতিয়ে জনসাধাৰণক এতিয়া আমুৱাইছে।

কংগ্ৰেছে এইবাৰ কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰাৰ্থী দিয়াটো ১০০শতাংশই নিশ্চিত আৰু কোকৰাঝাৰ লোকসভা সমষ্টিত কংগ্ৰেছেই জয়যুক্ত হ'ব বুলি মন্তব্য কৰি বৰ্তমানৰ কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ কথা বৰ্তমান মুহূৰ্তত আলোচনা কৰিব লাগে বুলিয়েই নাভাৱো বুলি মন্তব্য কৰে। ইপিনে এবিএমছুৰ প্ৰাক্তন সভাপতি তথা ইউপিপিএলৰ উপ-সভাপতি মইনুল হকে শুকুৰবাৰে আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰি ইউপিপিএলে যোৱা বিটিচি নিৰ্বাচনত ভুৱা প্ৰতিশ্ৰুতি দিছিল বুলি মন্তব্য কৰি সম অধিকাৰ, সম উন্নয়নৰ কথা কৈ ইউপিপিএলে ৰাইজক আভুৱা ভাৰিলে বুলি মন্তব্য কৰে।

উল্লেখ্য যে জিলা কংগ্ৰেছৰ সভাপতি প্ৰাণজিৎ বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা দলীয় আৰু যোগদান সভাতে ভূপেন বৰাৰ উপস্থিতিত ৯শতাধিক লোকে বিভিন্ন দলৰ পৰা মোহভংগ হৈ আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে। ইউপিপিএলৰ উপ সভাপতি মইনুল হক, দেৱৰগাঁও ব্লক বিজেপিৰ সভাপতি জয়ন্ত বসুমতাৰী, ফকিৰাগ্ৰাম সমষ্টি বিজেপিৰ প্ৰাক্তন সভাপতি গৌৰৱ কুমাৰ দত্ত, হিন্দীভাষী বিকাশ পৰিষদ, অসমৰ উপ-সভাপতি ছালাহউদ্দিন খান, বাওখুংগ্ৰী ব্লক মহিলা বিপিএফ সভানেত্ৰী সেফালী মাৰাক, গোসাঁইগাঁও কলেজৰ প্ৰৱক্তা ৰঞ্জিত কুমাৰ নাৰ্জাৰী, ৰাভা ছাত্ৰ সন্থাৰ উপ-সভাপতি হস্তনা ৰাভা, বিপিএফৰ বাওখুংগ্ৰী ব্লকৰ সভাপতি জিতেন বৰ্মন আদিকে ধৰি বিভিন্ন দল-সংগঠনৰ নেতা-কৰ্মীয়ে আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে। লোকসভা নিৰ্বাচনলৈ বহুদিন বাকী যদিও কোকৰাঝাৰ ক্ৰমান্বয়ে "পলিটিকেল হাব" লৈ পৰিণত হৈছে। ইউপিপিএল, বিজেপি, অগপ আৰু এতিয়া কংগ্ৰেছও কোকৰাঝাৰত দলীয় আৰু যোগদান সভা অনুষ্ঠিত কৰি চমকৰ সৃষ্টি কৰিছে। এসময়ত কংগ্ৰেছৰ কোনো গণভিত্তি নথকা কোকৰাঝাৰত এতিয়া কংগ্ৰেছে সভা পাতি প্ৰায় সহস্ৰাধিক নেতা-কৰ্মীক যোগদান কৰা ঘটনা যথেষ্ট চৰ্চিত হৈছে।

প্ৰণিধানযোগ্য যে কোকৰাঝাৰ জিলা কংগ্ৰেছৰ উদ্যোগত জিলা কংগ্ৰেছ ভৱনত জিলা সভাপতি প্ৰাণজিৎ বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা দলীয় সভা আৰু যোগদান কাৰ্যসূচী অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কোকৰাঝাৰত পদাৰ্পন কৰি বিটিচি সচিবালয় প্ৰাংগনত থকা বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ আৱক্ষ মূৰ্তিত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে। সভাত এপিচিচিৰ সম্পাদক গৰ্জন মুছাহাৰী, জিলা কংগ্ৰেছৰ নেৰ্তৃবৃন্দ আৰু প্ৰদেশ কংগ্ৰেছৰ কেবাগৰাকী নেতা উপস্থিত আছিল।