মুছলপুৰত বাক্সা বিজেপিৰ ক'লা দিৱস পালন.. 
বড়োলেণ্ড

মুছলপুৰত বাক্সা বিজেপিৰ ক'লা দিৱস পালন..

Asomiya Pratidin

ডিজিটেল সংবাদ বাক্সাঃ ভাৰত বর্ষৰ তদানীন্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ইন্দিৰা গান্ধী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে দেশত ১৯৭৫ চনৰ ২৫ জুনত অসাংবিধানিক আৰু অগণতান্ত্ৰিক ভাবে ঘোষণা কৰিছিল জৰুৰীকালীন অৱস্থা। সংবিধান প্ৰদত্ত জন প্ৰতিনিধিত্বৰ অধিকাৰ অপব্যৱহাৰ কৰি দেশত জাৰি কৰা এনে অহেতুক জৰুৰীকালীন অৱস্থাৰ প্ৰতিবাদ জনাই ভাৰতীয় জনতা পাৰ্টিয়ে এই বিশেষ দিনটো পালন কৰে ক'লা দিৱস হিচাপে ।

ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে বাক্সা জিলাৰ মুছলপুৰতো বাক্সা জিলা বিজেপিৰ উদ্যোগত পালন কৰে ক'লা দিৱসৰ কাৰ্যসূচী। এই উপলক্ষে বাক্সা বিজেপিৰ মুছলপুৰস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত সভাত উপস্থিত থাকি বিটিচিৰ কাৰ্যবাহী সদস্য গৌতম দাসে ৰাষ্ট্ৰৰ প্ৰতি শ্ৰদ্ধা থকা সকলোৱে আজিৰ দিনটোত ক'লা দিৱস পালন কৰে বুলি মন্তব্য কৰে।