বড়োলেণ্ড

প্ৰতিবাদী শ্লোগানেৰে উত্তাল বাক্সা পলিটেকনিক

Asomiya Pratidin

ডিজিটেল সংবাদ, বাক্সাঃ বাক্সা জিলাৰ মুছলপুৰত থকা বাক্সা পলিটেকনিক প্ৰতিষ্ঠানত কৰ্মৰত ২৪ গৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে বিগত ওঠৰ মাহে দৰমহা নোপোৱাৰ বাবে দেওবাৰৰ পৰা আৰম্ভ হৈছে অনিৰ্দিষ্টকালীন কৰ্মবিৰতি। সদৌ অসম নৱ নিৰ্মিত ১১ খন পলিটেকনিক আৰু দুখন ইঞ্জিনিয়াৰিং কলেজৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সন্থাৰ উদ্যোগত গ্ৰহণ কৰা এই অনিৰ্দিষ্ট কালীন কৰ্মবিৰতি কাৰ্যসূচীত কৰ্মচাৰী সকলে আমাৰ ১৮ মাহৰ দৰমহা আদায় দিয়ক, মাহিলী দৰমহা নিয়মীয়াকৰণ আৰু বৃদ্ধি কৰক, আমাৰ পদসমূহৰ স্থায়ী সমাধান কৰক ইত্যাদি শ্লোগানেৰে বাক্সা পলিটেকনিক প্ৰতিষ্ঠান চৌহদ উত্তাল কৰি তোলে ।

তেওঁলোকে কয় যে বিগত ফেব্ৰুৱাৰী মাহত তেওঁলোকৰ অনাদায় হৈ থকা দৰমহা আদায় দিয়াৰ বাবে ন্যায়ালয়ে নিৰ্দেশ দিয়া স্বত্বেও বিভাগীয় কৰ্তৃপক্ষই দৰমহা আদায় দিয়া নাই । যদি এনেকৈ দৰমহা নাপাই ঘৰৰ হাঁহ-কুকুৰা বিক্ৰী কৰি প্ৰতিষ্ঠানত অহা-যোৱা কৰি থাকিব লগীয়া হয় তেন্তে প্ৰতিবাদ ইয়াতকৈ জোৰদাৰ হ'ব । অনাদায় হৈ থকা দৰমহা আদায় নিদিলে আগন্তুক সময়ত দিশপুৰত প্ৰতিবাদী কাৰ্যসূচী ল'ব বুলিও মন্তব্য প্ৰকাশ কৰে প্ৰতিবাদকাৰী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সকলে ।