BTR ৰ বেঙ্গলী যুৱ-ছাত্ৰ ফেডাৰেচনৰ উদ্যোগত বাসুগাঁৱত বসন্ত উৎসৱ উদযাপন 
বড়োলেণ্ড

BTR ৰ বেঙ্গলী যুৱ-ছাত্ৰ ফেডাৰেচনৰ উদ্যোগত বাসুগাঁৱত বসন্ত উৎসৱ উদযাপন

Asomiya Pratidin

ডিজিটেল সংবাদ চিৰাং: আজি চিৰাং জিলাৰ বাসুগাঁৱত সদৌ বি টি আৰ বেঙ্গলী যুৱ-ছাত্ৰ ফেডাৰেচনৰ উদ্যোগত বসন্ত উৎসৱ উদযাপন কৰা হয়। বেঙ্গলী যুৱ-ছাত্ৰ ফেডাৰেচনৰ বাসুগাঁও আঞ্চলিক সমিতিয়ে পৰিচালনাত গোগলাপাৰাৰ ভবানী ক্ষেত্ৰত পঞ্চম বাৰৰ বাবে আয়োজন কৰা এই বসন্ত উৎসৱৰ শুভাৰম্ভ কৰা হয় ছাত্ৰ সংগঠনৰ পতাকা উত্তোলন কৰি ।

পতাকা উত্তোলন কৰে সদৌ বিটিআৰ বেঙ্গলী যুৱ-ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক শুভ মজুমদাৰ, কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতিচ্ছবিত মাল্যৰ্পন আৰু পুষ্প অৰ্পন কৰে ক্ৰমে বিশিষ্ট সমাজকৰ্মী প্ৰদীপ দত্ত আৰু শিক্ষক প্ৰদ্যুত গোস্বামী, ছহিদ বেদীত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বাসুগাঁও আঞ্চলিক সমিতিৰ সভাপতি উত্তম চৌধুৰীয়ে ।

মঞ্চ উদ্বোধন কৰে সদৌ বিটিআৰ বেঙ্গলী যুৱ-ছাত্ৰ ফেডাৰেচনৰ প্ৰাক্তন সভাপতি মন্টু দে'য়ে । তাৰ পিছত আমন্ত্ৰিত বিশিষ্ট অতিথিসকলক উত্তৰীয় দি সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উদ্বোধনী ভাষণত শিক্ষক প্ৰদ্যুত গোস্বামীয়ে তেখেতৰ সাবলীল ভাষাৰে বসন্ত উৎসৱৰ তাৎপৰ্য্য ব্যাখ্যা কৰে ।

বিশিষ্ট সংগীত শিল্পী সুজিত ৰায়ৰ পৰিচালনাত উদ্বোধনী সংগীত পৰিবেশন কৰে উদীয়মান শিল্পীসকলে । তাৰ পিছত বিভিন্ন গীতৰ শৰাই আগবঢ়ায় প্ৰবীণ কন্ঠশিল্পী মৃদুল দাসৰ লগতে অন্যান্য আমন্ত্ৰিত শিল্পীসকলে । সামান্তৰালভাবে মঞ্চত বাসুগাঁও চহৰৰ বিভিন্ন এলেকাৰ পৰা অহা কণ কণ শিশু নৃত্যশিল্পীসকলে দৃষ্টিনন্দন নৃত্যশৈলী প্ৰদৰ্শন কৰে ।

আজিৰ এই বসন্ত উৎসৱত পৰম্পৰা ৰক্ষা কৰি পাঁচ শতাধিক কিশোৰ- কিশোৰী, যুৱক-যুৱতী সকলোৱে ইজনে-সিজনৰ গালত ৰং সানি গীত, সমূহীয়া নৃত্যত অংশগ্ৰহণ কৰে। জনপ্ৰিয় কণ্ঠশিল্পী জীউ নীলৰ গীতত অধিক ৰঙীন হৈ পৰে বাসুগাঁৱৰ বসন্ত উৎসৱস্থলী। কন্ঠশিল্পী জীউ নীলৰ গীতত মতলীয়া হৈ পৰে বাসুগাঁৱৰ যুৱক যুৱতী, কিশোৰ কিশোৰী।

বিয়লিৰ ভাগত বাসুগাঁৱৰ বসন্ত উৎসৱত আহি উপস্থিত হয় বিটিআৰৰ স্বাস্থ্য বিভাগৰ কাৰ্য্যবাহী সদস্য অৰূপ কুমাৰ দে'। তেখেত নিজেও কেইবাটাও গীত পৰিবেশন কৰি বসন্ত উৎসৱক এক নতুন মাত্ৰা প্ৰদান কৰে । আজিৰ এই বসন্ত উৎসৱ সঞ্চালনা কৰে বিশাল পালে ।