বড়োলেণ্ড

বাসুগাঁও মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনকেন্দ্ৰিক বিতৰ্কক লৈ প্ৰতিবাদ...

Asomiya Pratidin

ডিজিটেল সংবাদ, চিৰাং : চিৰাং জিলাৰ বাসুগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনক লৈ আজিও বিতৰ্ক অব্যাহত আছে । বৃহস্পতিবাৰে মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ সন্মুখত অবস্থান কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন ছাত্ৰ-ছাত্ৰী সকলৰ ।

বাসুগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনক লৈ বিগত চাৰিদিন ধৰি দুই গোটত বিভক্ত ছাত্ৰ ছাত্ৰী সকলে পৃথকে পৃথকে মহাবিদ্যালয় কতৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ তথা আন্দোলন কৰি আছে ।উল্লেখ যে যোৱা ৪ মাৰ্চ তাৰিখে বাসুগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থী সকলৰ মনোনয়ন পত্ৰ দাখিল কৰা আৰু মহাবিদ্যালয়ৰ নিৰ্বাচন আয়োগৰ দ্বাৰা মনোনয়ন পত্ৰ বাচনি প্ৰক্ৰিয়াৰ পিছত প্ৰকাশ কৰা তালিকাক লৈ পক্ষপাত কৰাৰ প্ৰশ্ন উত্থাপন কৰি এটা গোটে আন্দোলন তথা প্ৰতিবাদ সাব্যস্ত কৰিছিল ।

আনপিনে আনটো ছাত্ৰ গোটে ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক, সহকাৰী সম্পাদক, সাংস্কৃতিক সম্পাদকৰ দৰে গুৰুত্বপূৰ্ণ পদ সমূহত জয় নিশ্চিত বুলি ধৰি আতচবাজী ফুটাই আনন্দ প্ৰকাশ কৰিছিল। ছাত্ৰ ছাত্ৰী সকলৰ সেই দুটা গোটৰ স্ব-বিৰোধীস্থিতি আন্দোলনৰ বাবেই ৬ মাৰ্চত অনুষ্ঠিত হ'ব লগা ছাত্ৰ একতা সভাৰ নিৰ্বাচন মহাবিদ্যালয় কতৃপক্ষই স্থগিত ৰাখিবলৈ বাধ্য হৈছিল ।

কিন্তু আজি প্ৰতিবাদ সাব্যস্ত কৰা ছাত্ৰ গোটৰ দাবী পূৰ্বতে যি নীতি নিয়মৰ মাজেৰে মহাবিদ্যালয়ৰ নিৰ্বাচন আয়োগে বাচনি কৰা তালিকা প্ৰকাশ কৰা হৈছিল সেই মতে তিনিদিনৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰে । অন্যথা আগলৈ বাসুগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে ইয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলা হব বুলি হুংকাৰ প্ৰদান কৰে ।

মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা নিৰ্বাচনক লৈ এটা ছাত্ৰ ছাত্ৰীৰ গোটে আনটো গোটক ৰাজনৈতিক দলৰ দ্বাৰা প্ৰভাৱিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছিল কিন্তু আন্দোলন কৰা ছাত্ৰ গোটে এই অভিযোগ খণ্ডন কৰি কয় যে এই নিৰ্বাচন বাসুগাঁও মহাবিদ্যালয়ৰ ভিতৰচৰাৰ নিৰ্বাচন, ইয়াত কোনো ৰাজনৈতিক দলৰ স্থান নাই । আমি এটা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন যিদৰে অনুষ্ঠিত হয় আমিও এটা সুস্থ আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰক তাৰে দাবী উত্থাপন কৰে ।