'BPF, UPPL ছদ্মবেশী বিজেপি'- চিদলীৰ প্ৰচাৰ অভিযানত ভূপেন বৰা... 
বড়োলেণ্ড

'BPF, UPPL ছদ্মবেশী বিজেপি'- চিদলীৰ প্ৰচাৰ অভিযানত ভূপেন বৰা...

হিমন্ত বিশ্ব শৰ্মা, ভৱেশ কলিতাকো কটাক্ষ এ পি চি চিৰ সভাপতিগৰাকীৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,চিৰাং: ৰাজ্যৰ পাঁচ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ লগতে চিদলী বিধানসভা সমষ্টিত এন ডি এ মিত্ৰজোঁটৰ হৈ ইউ পি পি এল, বি পি এফ আৰু কংগ্ৰেছ দলে প্ৰক্ষেপ কৰা নিজৰ নিজৰ দলৰ প্ৰাৰ্থীসকলক বিজয়ী কৰিবলৈ আজিৰ পৰা নিৰ্বাচনী প্ৰচাৰ অভিযানত নামি পৰা পৰিলক্ষিত হৈছে। আজিৰ দিনটোত ইউ পি পি এল দলে নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰাৰ বিপৰীতে তেওঁলোকে বুথ ভিত্তিত মিত্ৰজোঁটৰ দলীয় কৰ্মীসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰি প্ৰচাৰ অভিযান চলালে।

তাৰ বিপৰীতে বি পি এফ দলে আজি কাশিকোত্ৰাস্থিত চিৰাং ব্লক বি পি এফৰ কাৰ্যালয়ত দলৰ সাধাৰণ সম্পাদক মহেশ্বৰ ব্ৰহ্ম আৰু প্ৰাৰ্থী শুদ্ধ বসুমতাৰীৰ উপস্থিতিত ৬১ জনীয়া নিৰ্বাচনী পৰিচালনা সমিতি গঠন কৰে। উক্ত সভাতে ১৫০ গৰাকী শিক্ষিত যুৱকে আনুষ্ঠানিকভাবে বি পি এফ দলত যোগদান কৰে।

আনপিনে সুদীৰ্ঘ ২৫ বছৰ মূৰত ৩১ নং চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত কংগ্ৰেছ দলে প্ৰাৰ্থী নিক্ষেপ কৰা দলীয় প্ৰাৰ্থী সঞ্জীৱ কুমাৰ ৱাৰীৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ চিদলী সমষ্টিত আহি উপস্থিত হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। ৰাজ্যিক কংগ্ৰেছৰ উপ-সভানেত্ৰী মীৰা বৰঠাকুৰ, বিধায়ক জাকিৰ হুচেইন শিকদাৰসহ এক বিশাল কনভয় লৈ ভূপেন বৰাই প্ৰথমতে দলীয় প্ৰাৰ্থী সঞ্জীৱ ৱাৰীৰ ৰুণীখাতাস্থিত বাসগৃহত উপস্থিত হয়।

তাৰপিছত সভাপতিগৰাকীয়ে প্ৰাৰ্থী সঞ্জীৱ ৱাৰীৰ সৈতে আলোচনাত মিলিত হয় আৰু ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ সৈতে মত বিনিময় কৰি আশীৰ্বাদ গ্ৰহণ কৰে। তাৰ পৰা ৰুণীখাতাৰ দাক্ষিণগাঁৱত এখন বুথ ভিত্তিক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। সভাত ভাষণ প্ৰসঙ্গত ভূপেন বৰাই বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে আৰু লগতে বি টি আৰ এলেকাৰ দুই মুখ্য ৰাজনৈতিক দল শাসকীয় ইউ পি পি এল আৰু বিৰোধী বি পি এফ দলক তীৰ্যক ভাষাৰে কটাক্ষ কৰে।

তেওঁ কয়, ২০২৬ ত অনুষ্ঠিত হ'ব লগা বিধানসভা নিৰ্বাচনত অসমৰ জনসাধাৰণে কংগ্ৰেছ দলে চৰকাৰ গঠন কৰক সেয়া বিচাৰি আছে। অসমবাসীৰ আশীৰ্বাদত কংগ্ৰেছ দলেই চৰকাৰ গঠন কৰিব। কিন্তু ইউ পি পি এল বা বি পি এফ দলে অসমত কেতিয়াও চৰকাৰ গঠন কৰিব নোৱাৰে। সেয়ে বি টি আৰ এলেকাৰ ভোটাৰ ৰাইজে অলপ বেলেগকৈ চিন্তা কৰাৰ সময় আহি পৰিছে।

কিয়নো ২০২৬ চনত যিহেতু অসমৰ জনসাধাৰণৰ সহযোগত চৰকাৰ গঠন কৰিবলৈ গৈ আছো সেয়ে বিচাৰিছো উক্ত চৰকাৰ গঠন প্ৰক্ৰিয়াত বি টি আৰৰ পৰা কংগ্ৰেছ দলৰ বিধায়ক পোনপটিয়াকৈ অংশীদাৰ হওক। ইমানদিনে বি টি আৰৰ পৰা ৰাজনৈতিক দলবোৰে বিধায়ক জয় কৰাই চৰকাৰ গঠনত অংশীদাৰী দল হিচাপে থাকি এজন দুজন মন্ত্ৰী লৈ কাম কৰি আছিলে।

কিন্তু এতিয়া বি টি আৰ বাসী ৰাইজৰ ওচৰত সুবৰ্ণ সুযোগ আহিছে, চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ জৰিয়তে এই যাত্ৰা আৰম্ভ কৰক আৰু অহা ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত বি টি আৰবাসী ৰাইজে কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলক বিপুল ভোটৰ ব্যৱধানত বিজয়ী কৰি অসমত এখন মজবুত কংগ্ৰেছ দলৰ চৰকাৰ গঠন কৰাৰ প্ৰক্ৰিয়াত পোনপটিয়া অংশীদাৰ হওক।

এইবেলি ৩১ নং চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত আমাৰ দলৰ এগৰাকী নিষ্ঠাবান কৰ্মী তথা অধিবক্তা সঞ্জীৱ ৱাৰীক প্ৰাৰ্থীত্ব প্ৰদান কৰিছো। এইটো সচাঁ যে চিদলী বিধানসভা সমষ্টিত এই মুহূৰ্তত আমাৰ দলৰ সাংগঠনিকস্থিতি সিমান মজবুত নহয় কিন্তু এটা সময়ত কংগ্ৰেছ দলৰ অস্তিত্ব নাইকিয়া হৈ যোৱা বুলি ভবাসকলে নিশ্চয় অনুমান কৰিছে যে বিগত লোকসভা নিৰ্বাচনত কোকৰাঝাৰ সমষ্টিত আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীয়ে কিমান সংখ্যক ভোট লাভ কৰিছিল।

আমাৰ বিশ্বাস এই অঞ্চলত কংগ্ৰেছ দলক ভাল পোৱা আৰু সমৰ্থন কৰাৰ লোক বহুত আছে, কিন্তু তেওঁলোকে ইমান দিনে নিৰ্বাচনী যুঁজত কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলক বিচাৰিও পোৱা নাছিল। এতিয়া সময় সলনি হৈছে আৰু এই চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত কংগ্ৰেছ দলে হেৰুৱা সাংগঠনিক স্থিতি সবল কৰিবলৈ সক্ষম হৈছে।

চিদলী সমষ্টিৰ ভোটাৰ ৰাইজে এইবেলি কংগ্ৰেছ দলৰ প্ৰাৰ্থী সঞ্জীৱ ৱাৰীকে ভোটদান কৰি জয়যুক্ত কৰিব বুলি ভোটাৰ ৰাইজক আহ্বান জনায়। এইবেলি কংগ্ৰেছ দলে বিশাল আকাৰৰ কোনো নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত নকৰি ৩১ নং চিদলী বিধানসভা সমষ্টিৰ অন্তৰ্গত ২৭৩ টা বুথ কেন্দ্ৰৰ ভোটাৰৰ সৈতে সৰু সৰু পকেট মিটিঙৰ জৰিয়তে নিৰ্বাচনী প্ৰচাৰ চলাই যাব বুলি সদৰি কৰে ।

তেওঁ লগতে কয় যে আমাৰ দুৰ্নীতিৰ টকা নাই গতিকে আমি ডাঙৰ ডাঙৰ সভা পাতিব নোৱাৰিম। গতিকে আমাৰ প্ৰাৰ্থীৰ সৈতে বিধায়ক জাকিৰ হুচেইন শিকদাৰৰ নেতৃত্বত দলীয় উপসভানেত্ৰী মীৰা বৰঠাকুৰ, গৰ্জন মুছাহাৰীসহ ৰাজ্যিক আৰু জিলা সমিতিৰ বিষয়ববীয়া সকলে সভা অনুষ্ঠিত কৰি প্ৰচাৰ অভিযান চলাই যাব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ।

নিৰ্বাচনী প্ৰচাৰ সভাৰ অন্তত ভূপেন বৰাই সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত কয় যে বিজেপিৰ দলৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষ সম্পৰ্ক ৰক্ষা কৰি চলা বি টি আৰৰ দুই মুখ্য ৰাজনৈতিক দল ইউ পি পি এল আৰু বিজেপি দলক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে চিদলী বিধানসভা সমষ্টিত বিজেপি দলে নিজাববীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাই যদিও ইউ পি পি এল আৰু বিপিএফ দলৰ দুয়োগৰাকী প্ৰাৰ্থী আচলতে বিজেপি দলৰে। কিয়োনো ইউ পি পি এল আৰু বি পি এফ দুয়ো বিজেপিৰ ছদ্মবেশী ৰূপ। দুয়োটো দল বিজেপিৰ বি টিম।

বিপিএফ দলৰ সন্মুখত প্ৰতীক চিহ্ন নাঙল আৰু ইউপিপিএল দলৰ প্ৰতীক ট্ৰেক্টৰ থাকিলেও তাৰ পিছফালে লুকাই থাকে বিজেপিৰ প্ৰতীক পদুমফুল। এয়াই বিজেপিৰ এটা নীতি বুলি তিনিওটা ৰাজনৈতিক দলক কটাক্ষ কৰে ভূপেন বৰাই।

দৰাচলতে বিজেপিয়ে বিপিএফ- ইউপিপিএলক ধ্বংশ কৰি বিটিআৰ দখলৰ চিন্তা কৰিছে। গতিকে ৰাইজে জোৰা তাপলিৰে চৰকাৰ গঠন কৰাতকৈ পোনপোনে কংগ্ৰেছ দলক ভোট দিয়াৰ বাবে আহ্বান ভূপেন বৰাৰ। বিহালীত চিপিআই (এম এল)ৰ প্ৰাৰ্থীয়ে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিবলৈ কৰা আহ্বান সন্দৰ্ভত বৰাই কয় যে সেইখিনি কথা নৱেম্বৰ মাহৰ পিচত পাতিম।

বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কংগ্ৰেছে নিজৰ দল চম্ভালিব পৰা নাই বুলি কৰা মন্তব্যৰ প্ৰত্যুত্তৰত কয় যে, কলিতাই অসমৰ বহু খবৰ নাপায়। কাৰণ বিজেপিয়ে ধলাইত দুজন প্ৰাৰ্থী দিছে একেদৰে বঙাইগাঁৱৰ কথাও কয় ভূপেন বৰাই।

তেওঁ কয় পাঁচটা সমষ্টিত কংগ্ৰেছ দলে পাঁচজন প্ৰাৰ্থীহে দিছে। চিদলীতো বিজেপিৰ দুজন প্ৰাৰ্থী দিছে বুলি কয় বৰাই। মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ টিকট বিক্ৰী হয় বুলি কৰা মন্তব্যৰ প্ৰত্যুত্তৰত ভূপেন বৰাই কয় মুখ্যমন্ত্ৰীক সুধিব তেওঁ কংগ্ৰেছত থাকোতে কিমানত টিকট লৈছিল।

অনুষ্ঠানত উপস্থিত থাকি মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে চৰকাৰক বিভিন্ন বিষয় লৈ সমালোচনা কৰি বিজেপি চৰকাৰক ওফৰাবলৈ উপ নিৰ্বাচনৰ পৰাই কংগ্ৰেছৰ পক্ষত ভোটদানৰ আহ্বান জনায়। পৰবৰ্তী সময়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বেংতলত গৈ আই নৈৰ গৰাখহনীয়াৰ বুজ লয় আৰু নৈপৰীয়া ৰাইজৰ সৈতে মত বিনিময় কৰে। তাৰ পিছত তেখেতে বাসুগাঁও আৰু ঢোলমাৰা এলেকাত গৈ কংগ্ৰেছৰ দলীয় কৰ্মীসকলৰ সৈতে মত বিনিময় কৰে আৰু বুথ পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে ।