কোকৰাঝাৰত উদ্ধাৰ প্ৰেমিক-প্ৰেমিকাৰ মৃতদেহঃ হত্যা নে আত্মহত্যা তাক লৈ সন্দেহ! 
বড়োলেণ্ড

কোকৰাঝাৰত উদ্ধাৰ প্ৰেমিক-প্ৰেমিকাৰ মৃতদেহঃ হত্যা নে আত্মহত্যা তাক লৈ সন্দেহ!

Asomiya Pratidin

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ চৰাইখোলাৰ নিলগৰ গাৰোটিলা অঞ্চলৰ বনাঞ্চলত এহাল কিশোৰ -কিশোৰীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই জিলাখনত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ কোকৰাঝাৰ চহৰৰ বাগানশালিত শুকুৰবাৰে চিপজৰী লৈ থকা অৱস্থাত এগৰাকী ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতে আজি পুনৰাই কোকৰাঝাৰত এহাল কিশোৰ-কিশোৰীৰ মৃতদেহ উদ্ধাৰ হোৱাত স্বাভাৱিকতে চাঞ্চল্যৰ সৃষ্টি হৈছে ।

মৃতদেহ উদ্ধাৰ হোৱা এই দুয়ো কিশোৰ, কিশোৰীক ৰাহুল ৰায় আৰু খুছি শৰ্মা বুলি চিনাক্ত কৰা হৈছে। উল্লেখ্য যে, কোকৰাঝাৰৰ চৰাইখোলাৰ নিলগৰ গাৰোটিলা অঞ্চলৰ বনাঞ্চলৰ পৰা আজি ডিঙিত এডাল কেবল তাঁৰ মেৰিয়াই থকা অৱস্থাৰ পৰা এহাল প্ৰেমিক-প্ৰেমিকাৰ মৃতদেহ উদ্ধাৰ কৰা হয় ।

সন্দেহ কৰা মতে প্ৰেমিক-প্ৰেমিকাহালে প্ৰথমে হোমযজ্ঞ কৰি আৰু মালা ৰদ বদল কৰি বিবাহপাশত আৱদ্ধ হয়। তাৰ পিছতে দুয়োজনে এডাল কেবল তাঁৰেৰে ডিঙিত চিপ লগাই আত্মহত্যা কৰে যদিও পিছত গছৰ ডালটো ভাঙি পৰে।

উল্লেখ্য যে খুছি শৰ্মা আৰু ৰাহুল ৰায় নামৰ কিশোৰ -কিশোৰীহাল যোৱা ১৪ ফেব্ৰুৱাৰী অৰ্থাৎ সৰস্বতী পূজাৰ দিনাখনৰ পৰাই নিৰুদ্দেশ হৈ আছিল ৷ দুয়োজনৰে পৰিয়ালৰ লোকে বহু বিচাৰ খোচাৰ কৰিছিল যদিও দুয়োৰে কোনো সন্ধান লাভ কৰা নাছিল৷

ইয়াৰ মাজতে আজি চৰাইখোলাৰ পৰা দুই কিলোমিটাৰ নিলগৰ গাৰোটিলা বনাঞ্চলৰ পৰা খুছি আৰু ৰাহুলৰ মৃতদেহ উদ্ধাৰ হয় ৷ ইপিনে আৰক্ষীৰ প্ৰাথমিক পৰ্যায়ৰ তদন্তত প্ৰেমজনিত কাৰনতে দুয়োজনে আত্মহত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ৷

অৱশ্যে এয়া আত্মহত্যা নে হত্যা সেয়া আৰক্ষীৰ সম্পূৰ্ণ তদন্তৰ পিছতহে ওলাই পৰিব ৷ মৃতদেহ উদ্ধাৰ হোৱা স্থানৰ পৰা আৰক্ষীয়ে তিনিটা মোবাইল ফোন উদ্ধাৰ কৰিছে ৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰু মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷

প্ৰণিধানযোগ্য যে খুছি শৰ্মা কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ একাদশ শ্ৰেণীৰ ছাত্ৰী আছিল ৷ খুছি আৰু ৰাহুল দুয়ো চৰাইখোলা হাইস্কুলত একেলগে পঢ়িছিল আৰু যোৱা বৰ্ষত দুয়োজনেই হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল যদিও খুছি উত্তীৰ্ণ হোৱাৰ বিপৰীতে ৰাহুল ৰায় অনুত্তীৰ্ণ হৈছিল ৷

ৰাহুল ৰায় পুনৰ যোৱা ১৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিছিল যদিও নিৰুদ্দেশ হৈ থকাৰ বাবে অৱতীৰ্ণ হ'ব নোৱাৰিলে ৷ আজি দুয়োজনৰ মৃতদেহ উদ্ধাৰ হোৱাত দুয়োটা পৰিয়ালৰে মাজত হাহাকাৰ লাগিছে আৰু কান্দোনত ভাগি পৰিছে ।