বড়োলেণ্ড

বড়োলেণ্ড বিশ্ববিদ্যালয়ত আৰম্ভ দ্বিতীয় আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱ..

Asomiya Pratidin

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰৰ বড়োলেণ্ড বিশ্ববিদ্যালয় চৌহদত আজিৰে পৰা আৰম্ভ হৈছে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ দ্বিতীয় আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱ ৷ যুৱ মহোৎসৱক লৈ ইতিমধ্যে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ চৌহদ উখল মাখল হৈ পৰিছে।

আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা বড়োলেণ্ড বিশ্ববিদ্যিালয়ৰ দ্বিতীয় আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱ অহা ১৮ ফেব্ৰুৱাৰীলৈ চলিব। আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনস্থ ৩৮খন মহাবিদ্যালয়ৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে।

প্ৰথমদিনৰ কাৰ্যসূচী অনুসৰি আজি পতাকা উত্তোলন কৰা হয় ৷ ইয়াৰ পিছতে বিভিন্ন জাতি-জনগোষ্ঠীৰ বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ হয়। ইপিনে বড়োলেণ্ড বিশ্ববিদ্যালয় যুৱ মহোৎসৱৰ সাংস্কৃতিক শোভাযাত্ৰাৰ ফ্লেগঅফ কৰি বি টি চিৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে বড়োলেণ্ডৰ যুৱচামক লৈ শান্তি,একতা, উন্নয়ন , প্ৰগতিৰ বি টি আৰ গঢ়াৰ মূল উদ্দেশ্য লৈ যুৱ মহোৎসৱ অনুষ্ঠিত কৰা হৈছে বুলি সদৰি কৰিছে। যুৱচামক সোণালী চাবিৰ সতে তুলনা কৰি আজিৰ যুৱই কাইলৈৰ নেতা বুলি উল্লেখ কৰিছে বি টি চিৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে ।