বড়োলেণ্ড

পহিলা ব'হাগৰ দিনটোত ওদালগুৰি জিলা সাহিত্য সভা আৰু ছাত্ৰ সন্থাৰ আদৰণীয় পদক্ষেপ...

Asomiya Pratidin

ডিজিটেল সংবাদ,ওদালগুৰি : অসমীয়া নতুন বৰ্ষটিক আদৰাৰ উদ্দেশ্যে পহিলা ব'হাগৰ দিনটোত ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থা আৰু ওদালগুৰি সাহিত্য সভাই পৃথকে পৃথকে আয়োজন কৰিছে বিভিন্ন কাৰ্যসূচী। বিগত বৰ্ষসমূহৰ দৰে এইবেলিও ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাই পহিলা ব'হাগৰ দিনটোত জ্যেষ্ঠজনক সেৱা জনোৱাৰ উদ্দেশ্যে এক বিশেষ কাৰ্যসূচী ৰূপায়ন কৰে।

দেওবাৰে দিনৰ ১২-০০ বজাত সংগঠনটোৰ ওদালগুৰি ছহিদ ভৱনত উক্ত কাৰ্যসূচী ৰূপায়ণ কৰে। কাৰ্যসূচী অনুসৰি সংগঠনটোৱে ওদালগুৰি অঞ্চলৰ বিভিন্ন প্ৰান্তৰ জ্যেষ্ঠ কণিষ্ঠসকলক বিহুৱানেৰে বিহুৰ ওলগ জনাই জ্যেষ্ঠসকলৰ পৰা সেৱা গ্ৰহণ কৰে।

ইফালে ওদালগুৰি সাহিত্য সভায়ো নিজা সভা ভৱনত পহিলা ব'হাগৰ দিনটোত 'নিজৰ দিন' শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰিছে। সেই অনুসৰি পহিলা ব'হাগৰ পুৱা ৯-০০ বজাত সাহিত্য সভাৰ পতাকা উত্তোলন কৰে ওদালগুৰি সাহিত্য সভাৰ সভাপতি মেঘমালা সূত্ৰধাৰে।

ইয়াৰ পাছত পুৱা ১০-০০ বজাত "নিজৰ দিন" সম্বৰ্দ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত ওদালগুৰিৰ বিভিন্ন ক্ষেত্ৰৰ চাৰিগৰাকী ব্যক্তি ক্ৰমে তীৰ্থনাথ দাস, সতীশ দাস, কথৰিন বাস্কে আৰু কমলাকান্ত শৰ্মাক কেন্দ্ৰীয়য় সাহিত্য সভাৰ পৰা প্ৰেৰণ কৰা ওলগনি পত্ৰৰ লগতে একোখনকৈ গামোচা আৰু জাপি প্ৰদান কৰে।

এনেদৰে ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থা আৰু ওদালগুৰি সাহিত্য সভাই পহিলা ব'হাগৰ দিনটোত পৃথকে পৃথকে আয়োজন কৰিছে বিভিন্ন কাৰ্যসূচী। ইফালে পহিলা ব'হাগৰ দিনটোত ওদালগুৰি চহৰৰ বিভিন্ন মন্দিৰ, নামঘৰসমূহত ভক্তৰ ভিৰ পৰিলক্ষিত হয়।

আগন্তুক বৰ্ষটি সকলোৰে মঙ্গল কামনাৰ উদ্দেশ্যে ওদালগুৰি শিৱমন্দিৰ, শ্ৰীমন্ত শংকৰদেৱ সত্ৰ, ৰাজহুৱা ৰাখাল নামঘৰ ইত্যাদিত ভক্তসকলে সেৱা গ্ৰহণ কৰে। এককথাত পহিলা ব'হাগৰ দিনটোত ধৰ্মীয় অনুষ্ঠানসমূহত ভক্তৰ লানি নিচিগা সোঁত দেখা যায়।