বড়োলেণ্ড

বৰপেটা সমষ্টিৰ বাবে বিপিএফৰ প্ৰাৰ্থী ঘোষণা

Asomiya Pratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ চহৰস্থিত বিপিএফৰ কেন্দ্ৰীয় কাৰ্য্যালয়ত বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্য্যৱাহী তথা বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ সংবাদমেল ৷ এই সংবাদমেলত বৰপেটা লোকসভা সমষ্টিৰ বাবে বিপিএফৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰে তেওঁ।

হাগ্ৰামা মহিলাৰীয়ে ঘোষণা কৰা অনুসৰি বৰপেটাত লোকসভা সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী হ'ব ছমেজ উদ্দিন। বিপিএফে ৰাজ্যখনৰ মুঠ পাঁচটা সমষ্টিত প্ৰাৰ্থী আগবঢ়াব আৰু ইতিমধ্যে চাৰিটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। অচিৰেই বাকী থকা গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হ'ব বুলি সদৰী কৰিছে হাগ্ৰামা মহিলাৰীয়ে ৷

তেওঁ কয় যে, সকলো জাতি-জনগোষ্ঠীৰ ৰাইজে বিপিএফক সহায় কৰাৰ বাবে সাজু হৈছে। কোকৰাঝাৰ আৰু দৰং-ওদালগুৰি লোকসভা সমষ্টিত বিপিএফ দলৰ ভেঁটি মজবুত ৷