বড়োলেণ্ড

হাগ্ৰামাৰ উপস্থিতিত তামুলপুৰত বি পি এফৰ যোগদান সমাৰোহ

Asomiya Pratidin

ডিজিটেল সংবাদ,তামুলপুৰ : তামুলপুৰ জিলা সদৰৰ তামুলপুৰ পাৰ্কত অনুষ্ঠিত হয় এখন যোগদান সমাৰোহ। য’ত শতাধিক যুৱক-যুৱতী, ছাত্ৰ সংগঠনৰ নেতা-কৰ্মীয়ে বিপিএফৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ দলটোত যোগদান কৰে ৷

বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত প্ৰায় ৯ শতাধিক লোকে বিপিএফ দলত যোগদান কৰে। তামুলপুৰ জিলা যুৱ বিপিএফৰ উদ্যোগত উক্ত যোগদান সমাৰোহ অনুষ্ঠিত হয়।

সভাত অংশগ্ৰহণ কৰি দলটোৰ নেতা হাগ্ৰামা মহিলাৰীয়ে আগন্তুক লোকসভা নিৰ্বাচনত বিপিএফ দলে অকলেই প্ৰতিদ্বন্দিতা আগবঢ়াব বুলি মন্তব্য কৰে। বিগত বিটিচি চুক্তিত এবছুৱে সহমত জনোৱা নাছিল বুলিও প্ৰকাশ হাগ্ৰামা মহিলাৰীৰ। শনিবাৰে অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত বিপিএফ দলৰ কৰ্মকৰ্তা, যুৱ বিপিএফৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে।