বড়োলেণ্ড

BTAD আৰু কাজলগাঁও মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ অধিৱেশন সম্পন্ন...

Asomiya Pratidin

ডিজিটেল সংবাদ চিৰাং: চিৰাং জিলাৰ চিদলী-কাশিকোত্ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত বিটিএডি প্ৰাথমিক শিক্ষক সন্মিলনীৰ অষ্টম দ্বিবাৰ্ষিক অধিৱেশন আৰু কাজলগাঁও মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ নৱম দ্বিবাৰ্ষিক অধিৱেশনৰ আজি সামৰণি পৰে ৷ আজি দুপৰীয়া বিটিএডি প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভানেত্ৰী সৰস্বতী ৰাভা মুছাহাৰীৰ পৌৰহিত্যত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে ছাত্ৰ-ছাত্ৰীসকলক গঢ় দিয়াৰ ক্ষেত্ৰত প্ৰাথমিক শিক্ষকসকলৰ অৱদান অতুলনীয় বুলি মত ব্যক্ত কৰি প্ৰাথমিক শিক্ষক সকলে শিশুৰ শৈক্ষিক জীৱনৰ বুনিয়াদ গঢ়ে বুলি অভিহিত কৰে ৷

বিগত ২০২৩ আৰু ২০২৪ বৰ্ষত চিৰাং জিলাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰত শীৰ্ষ স্থান লাভ কৰিবলৈ সক্ষম হোৱাত শিক্ষা গুৰুসকলৰ অৱদান অতুলনীয় বুলি অভিহিত কৰে ৷ তেওঁ পূৰ্বে বিটিএডিৰ অশান্তিৰ পৰিৱেশ সমাপ্তি ঘটি শান্তিৰ পৰিৱেশ বিৰাজ কৰাত সমগ্ৰ বিটিআৰত শিক্ষাৰ উন্নত পৰিৱেশ বিৰাজ কৰিব বুলি আশা ব্যক্ত কৰে ৷

মুকলি সভাখন মুকলি কৰি চিৰাং জিলা প্ৰাথমিক শিক্ষা বিষয়া জয়পালসিং ব্ৰহ্মই চিৰাঙৰ প্ৰাথমিক শিক্ষকসকলে নিষ্ঠাৰে কাম কৰি আহিছে বুলি মত ব্যক্ত কৰে ৷ সভাত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ হৈ উপস্থিত থাকি প্ৰমোদ বড়োৰ ৰাজনৈতিক সচিব মাধৱ চন্দ্ৰ ছেত্ৰীয়ে কয়, প্ৰমোদ বড়োই বিটিচিৰ দায়িত্ব লৈ শিক্ষা বিভাগৰ উন্নয়নৰ কাম কৰি আহিছে ৷

বিটিআৰত অচিৰেই শিক্ষক নিযুক্তি দিব আৰু বহু শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনি উন্নত কৰা হ'ব বুলিও সভাত ব্যক্ত কৰে ৷ সভাত সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি অখিল চন্দ্ৰ নাথ আৰু সম্পাদক প্ৰধান ৰাতুল চন্দ্ৰ গোস্বামীয়ে নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ প্ৰদান কৰে ৷

দেওবাৰে অনুষ্ঠিত কাজলগাঁও মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰতিনিধি সভাই অজিত কুমাৰ শৰ্মাক সভাপতি আৰু প্ৰাণ সূত্ৰধৰক সাধাৰণ সম্পাদক হিচাপে লৈ ৩১ জনীয়া সদস্যৰে পৰৱৰ্তী কাৰ্যকালৰ বাবে বাবে নতুন কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হয় ৷