মুছলপুৰত পকীপথৰ কামৰ শুভাৰম্ভ বিটিচি পাৰিষদৰ... 
বড়োলেণ্ড

মুছলপুৰত পকীপথৰ কামৰ শুভাৰম্ভ বিটিচি পাৰিষদৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ বাক্সাঃ বিটিআৰৰ অন্তৰ্গত বাক্সা জিলাৰ দিহিৰা পৰিষদীয় সমষ্টিৰ এক দীৰ্ঘদিনীয়া সমস্যা সমাধান হোৱাৰ পথত। আজি জিলাখনৰ মুছলপুৰৰ সমীপৱৰ্তী কুঁৱেৰীচ'কৰ পৰা দীঘলদঙা মেডিকেল চ'কলৈ পকীপথৰ কাম শুভাৰম্ভ কৰে দিহিৰা পৰিষদীয় সমষ্টিৰ পাৰিষদ ঘনশ্যাম দাসে ৷

তেওঁ এই কামৰ শুভাৰম্ভ কৰি দিহিৰাবাসীৰ সমস্যাৰ কথা চিন্তা কৰা বাবে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়োক ধন্যবাদ জ্ঞাপন কৰে।