''নিৰ্বাচন আহিলে কঠিয়া পৰা খেল চলেই''- বিশ্বজিৎ দৈমাৰী... 
বড়োলেণ্ড

''নিৰ্বাচন আহিলে কঠিয়া পৰা খেল চলেই''- বিশ্বজিৎ দৈমাৰী...

Asomiya Pratidin

ডিজিটেল সংবাদ ওদালগুৰিঃ আজি ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ডত অনুষ্ঠিত এক অনুষ্ঠানত উপস্থিত থাকি অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে।

বিটিচিত বিপিএফ আৰু ইউপিপিএলৰ মিত্ৰতা সন্দৰ্ভত চলি থকা চৰ্চা সন্দৰ্ত মন্তব্য কৰি দৈমাৰীয়ে কয়, "নিৰ্বাচন আহিলে কঠিয়া পৰা খেল চলিবই। এবছু বড়ো জাতিৰ জাতীয় সংগঠন। তেওঁলোকে বড়ো জাতিক নেতৃত্ব দি আহিছে। তেওঁলোকে জাতিৰ বিষয়টোহে চায়। গতিকে ইউপিপিএল, বিপিএফক একত্ৰিত হোৱাতো তেওঁলোকে বিচাৰিছে। আমিও বিচাৰো সকলো এক হওঁক, ভিতৰি বাক বিতণ্ডা চলি থাকিলে অশান্তিহে হয়। এক হ'লে অঞ্চলটোৰ বাবে ভাল। কিন্তু যিহেতু ক্ষমতা অবিহনে ৰাজনীতি নহয়, সেয়েহে ক্ষমতা এৰি ৰাজনীতি নকৰে। ৰাজনীতিত ক্ষমতা থাকে বাবেই ভগাই খোৱাত অসুবিধা হয়। দুয়োটা দলৰ ফৰ্মুলাইহে ক'ব কেনেকৈ এক হ'ব পাৰে। আগন্তু ছিদলীত অনুষ্ঠিত হ'বলগীয়া উপ-নিৰ্বাচনত দুয়োটা দলে এগৰাকীয়েই প্ৰাৰ্থী দিব নেকি? যদি সেয়াই হয় তেন্তে কোনটো দলে প্ৰাৰ্থী দিব সেয়া ঠিক কৰিব লাগে।"

ইফালে বিজেপি দলে আগন্তুক বিটিচি নিৰ্বাচনত অকলে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি বিশ্বজিৎ দৈমাৰীৰ নেতৃত্বত বিটিচি গঠন কৰাৰ চৰ্চা অব্যাহত থকাৰ সময়তে দৈমাৰীয়ে কয় " বিটিচিৰ প্ৰধানটো দূৰৰেই কথা, মোক দলে ভিচিডিচিৰ সভাপতি দিলেও হ'ব লাগিব।"

আনহাতে এবছুৰ সভাপতি দ্বিপেন বড়ো সন্দৰ্ভত মন্তব্য কৰি দৈমাৰীয়ে কয় যে, "দ্বিপেন বড়ো ৰাজনৈতিক ব্যক্তি নহয়, গতিকে তেওঁলোকে মনত যি আশা কৰে সেই মন্তব্য কৰিছে। কিন্তু ৰাজনীতিত জাতি-ধৰ্ম নাথাকে। বিজেপি নহ'লে বিটিচিয়ে আজিৰ মৰ্যাদাই নাপালে হয়। গতিকে নিৰ্বাচনত কাৰোবাৰ মনে বিচৰা কথা একো নহয়।" আজিৰ উক্ত কাৰ্যসূচীত জিলা বিজেপিৰ সভাপতি সুনীল বসুমতাৰীৰ লগতে বিজেপিৰ বিভিন্ন কাৰ্যকৰ্তাসকল উপস্থিত থাকে।