অন্ত পৰিল বিটিচিৰ বাজেট অধিবেশনঃ অসন্তুষ্ট বিৰোধী... 
বড়োলেণ্ড

অন্ত পৰিল বিটিচিৰ বাজেট অধিবেশনঃ অসন্তুষ্ট বিৰোধী...

Asomiya Pratidin

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা বিটিচিৰ বাজেট অধিবেশন আজি সমাপ্ত পৰে। ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে কালি বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে দাখিল কৰা বিটিচিৰ সাধাৰণ বাজেট ২০৮৪ কোটি ৭৮ লাখ ৬১ হাজাৰ টকা সৰ্বসন্মতিক্ৰমে গৃহীত হোৱাৰ লগতে ৪০ টা বিভাগত এছ অ' পিডিৰ অধীনত ৮০৩ কোটিৰ বাজেটও সৰ্বসন্মতিক্ৰমে গৃহীত হয়।

ইপিনে বাজেট অধিবেশনৰ পিছতে বিৰোধী দলপতি তথা বিপিএফৰ নিৰ্বাচিত সদস্য দেৰহাছাৎ বসুমতাৰীয়ে অসন্তুষ্টি প্ৰকাশ কৰিছে। তেওঁ কয় বিগত বৰ্ষৰ তুলনাত মাথো তিনিকোটি টকাহে বাজেটত বৃদ্ধি হৈছে যিটো কমেও ১০ শতাংশ বৃদ্ধি পাব লাগিছিল। ৮০৩ কোটি টকাৰ সাধাৰণ বাজেটৰ ভিতৰত ১৭৬ কোটি টকা মূলধনৰ খৰছ আৰু বাকী ৬২৭ কোটি টকা ৰাজহ ব্যয় কৰা কাৰ্যৰ বিৰোধিতা কৰি দেৰহাছাৎ বসুমতাৰী ৰাজহ আৰু মূলধন ব্যায় সমান সমান কৰিবলৈ দাবী উত্থাপন কৰিছে।

ৰাজহ ব্যায় বৃদ্ধি মানেই বয়-বস্তুৰ যোগান আঁচনি আৰু ব্যক্তিগত হিতাধিকাৰী আঁচনি বুলি মন্তব্য কৰি দেৰহাছাৎ বসুমতাৰীয়ে কয় যে, ৰাজহ ব্যায় মানেই ৰাজনৈতিক দলৰ মূলধন বৃদ্ধি কৰা বুলি মন্তব্য কৰিছে। বাজেটত মূলধন ব্যায় কম হোৱা বাবে এইবেলি বিটিচিৱাসীয়ে আন্ত:গাঁথনিমূলক উন্নয়নৰ পৰা বঞ্চিত হ'ব বুলি মন্তব্য কৰিছে দেৰহাছাৎ বসুমতাৰীয়ে।

তদুপৰি আজিৰ বাজেট অধিবেশনত বিটিচি চুক্তিৰ দফা ৰূপায়ন সন্দৰ্ভত আলোচনা কৰা হয়। বিৰোধী দলপতি দেৰহাছাৎ বসুমতাৰীয়ে সদৰি কৰা মতে বিটিআৰ চুক্তিৰ ৰূপায়ন প্ৰায় হোৱা নাই। বৰ্তমানলৈকে অসম চৰকাৰৰ পৰা মাত্ৰ পাঁচটা সৰু সৰু প্ৰকল্পত হে অনুমোদন আনিবলৈ সক্ষম হৈছে বিটিচি চৰকাৰ।

বিটিআৰ চুক্তিৰ অনুচ্ছেদ ২, ৩, ৪ ত ভাৰত চৰকাৰৰ পৰা আশানুৰূপ সঁহাৰি পাবলৈ সক্ষম হোৱা নাই। ভাৰত চৰকাৰৰ মন্ত্ৰীপৰিষদীয় সভাত বিটিআৰ চুক্তিত থকা প্ৰকল্পসমূহত অনুমোদন দিয়া হোৱা নাই। সেয়েহে চুক্তি মৰ্মে এন আই টি, জনজাতি বিশ্ববিদ্যালয়, ইনষ্টিটিউট অব মেডিকেল চাইঞ্চ, ক্ৰীড়া বিশ্ববিদ্যালয়, ৰে'লৱে দবা নিৰ্মাণ কাৰখানা হোৱাৰ সম্ভাৱনা কম বুলি দেৰহাছাৎ বসুমতাৰীয়ে সদৰি কৰিছে।

তদুপৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আঁচনিসমূহ অকল এটা নিৰ্দিষ্ট দলৰ হৈ কাম কৰিলেহে লাভ কৰা দেখা গৈছে বুলি মন্তব্য কৰি দেৰহাছাৎ বসুমতাৰীয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আঁচনিসমূহ ৰাজনীতিকৰণৰ বিৰোধিতা কৰিছে।

ইপিনে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে এইবেলিৰ বাজেটখনক জনমুখী বাজেট আখ্যা দি ৰাইজৰ আশা -আকাংক্ষা বাজেটখনে পূৰণ কৰিব বুলি আশা প্ৰকাশ কৰিছে। বিটিচিৰ ৪০ টা সমষ্টিত এটাকৈ প্ৰেক্ষাগৃহ নিৰ্মাণ, নাৱাৰ্ডৰ সহযোগত ৪০ টা মহিলা বজাৰগৃহ নিৰ্মাণ, ৪২০ টা জ্ঞানকেন্দ্ৰ নিৰ্মাণ কৰাৰ লগতে অনাগত সময়ছোৱাত গ্ৰীণ বডোলেণ্ড মিছনৰ অধীনত নিৰবিচ্ছিন্ন গছপুলি ৰোপণ, এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ব্যৱহাৰত নিষেধ্বজ্ঞা আৰু অহা ১০ বছৰৰ ভিতৰত ভূগৰ্ভৰ পানী ব্যৱহাৰ বন্ধ কৰাৰ ক্ষেত্ৰত কাম কৰি থকা হৈছে বুলি সদৰি কৰিছে প্ৰমোদ বড়োৱে ।

উল্লেখ্য যে বিটিচিৰ এছঅ'পিডিৰ ৮০৩ কোটিৰ বাজেটত সৰ্বাধিক শিক্ষা বিভাগত ১০৫ কোটি ৫ লাখ টকা আৱণ্টন দিয়াৰ বিপৰীতে ভৈয়াম জনজাতি কল্যাণ আৰু পিছপৰা শ্ৰেণী বিভাগত ৯৮ কোটি ৬৩ লাখ টকা, গড়কাপ্টানী বিভাগত ৯৩ কোটি ৬৯ লাখ টকা, পঞ্চায়ত আৰু গ্ৰামোন্নয়নত ৩৮ কোটি ৫২ লাখ টকা, কৃষিত ২৬ কোটি ৯৪ লাখ টকা, বন বিভাগত ৩৮ কোটি ৩৮ লাখ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত ৪৭ কোটি ৭৪ লাখ টকা আৱণ্টন দিয়া হৈছে।

আনহাতে লটাৰী বিভাগত সৰ্বনিম্ন ১ লাখ টকা আৱণ্টন দিয়া হৈছে। তদুপৰি গ্ৰীণ বড়োলেণ্ড মিছনৰ নামত বাজেটৰ দুই শতাংশ অৰ্থাৎ ১৬ কোটি, বড়োলেণ্ড চাইল্ড ৰাইট মিচনৰ নামত বাজেটৰ ১ শতাংশ ধন অৰ্থাৎ ৮ কোটি টকা, বিশেষভাৱে সক্ষম লোকৰ বাবে বাজেটৰ ১ শতাংশ ধন অৰ্থাৎ ৮ কোটি টকা, বিটিচিৰ মুখ্য কাৰ্যবাহীৰ বিশেষ আঁচনিৰ বাবে ৩৫ কোটি টকা আৱণ্টন দিয়া হৈছে ।