বড়োলেণ্ড

চিৰাঙৰ গৰুভাষা - ভূটিয়াপাৰাত দাসাই উৎসৱ উদযাপন

Asomiya Pratidin

ডিজিটেল সংবাদ, চিৰাং : শাৰদীয় দুৰ্গা পূজাৰ বিজয়া দশমীৰ দিনা আদিবাসী চাওতাল জনগোষ্ঠীয় লোকসকলে দাসাই উৎসৱ উদযাপন কৰে । এই দাসাই উৎসৱ উপলক্ষে আদিবাসী চাওতাল পুৰুষসকলে পূজা মণ্ডপৰ পৰা আৰম্ভ কৰি বিভিন্ন ৰাজহুৱা স্থানত ঢোল, মাদলৰ তালে তালে এক বিশেষ ভঙ্গীমাৰে নৃত্য পৰিৱেশন কৰে ।

উল্লেখযোগ্য যে বিভিন্ন কাৰণত আদিবাসী চাওতালসকলৰ এই পৰম্পৰাগত দাসাই নৃত্য কালৰ সোঁতত হেৰাই যোৱাৰ উপক্ৰম হৈছিল। কিন্তু চিৰাং জিলাৰ একাংশ সচেতন আদিবাসী যুৱকৰ প্ৰচেষ্টাত এই ধৰ্মীয় পৰম্পৰাৰ সৈতে জড়িত দাসাই নৃত্য নতুন প্ৰজন্মৰ মাজত সজীৱ কৰি ৰখাৰ উদ্দেশ্য আগত ৰাখিয়েই ২০১২ চনত এই দাসাই উৎসৱ উদযাপন কৰা আৰম্ভ কৰিছিল ।

এইবেলি চিৰাং জিলাৰ গৰুভাষাৰ ভূটিয়াপাৰাৰ দাসাই উৎসৱ ১২ বছৰত ভৰি দিছে। প্ৰথম বছৰত মাত্ৰ পাঁচটা দাসাই নৃত্য দলৰ যোগদানেৰে এই দাসাই উৎসৱ আৰম্ভ কৰা হৈছিল। শনিবাৰে এই চিৰাং জিলাৰ ভূটিয়াপাৰাৰ এই দাসাই উৎসৱত কেৱল চিৰাং জিলাৰে নহয়, কোকৰাঝাৰ জিলাৰ পৰাও দাসাই দলে অংশগ্ৰহণ কৰে ।

উক্ত তথ্য সদৰী কৰে দাসাই উৎসৱ আয়োজক সমিতিৰ সাধাৰণ সম্পাদক সমৰেন্দ্ৰ কিস্কু । আজি দুখন জিলাৰ পৰা মুঠ ৮৬ টা দাসাই নৃত্যদলে অংশগ্ৰহণ কৰে । ভূটিয়াপাৰা সাৰ্বজনীন দুৰ্গা পূজা মণ্ডপস্থলীৰ পথাৰত আদিবাসী চাওতালসকলৰ পৰম্পৰাগত দাসাই উৎসৱক কেন্দ্ৰ এক উখল-মাখল পৰিৱেশ বিৰাজ কৰে।

আজিৰ এই দাসাই উৎসৱৰ লগত সঙ্গতি এক মুকলি সভা অনুষ্ঠিত হয়। কেইবা সহস্ৰাধিক লোকৰ সমাবেশ ঘটা মুকলি সভাত সভাপতিত্বত আয়োজক সমিতিৰ সভাপতি বিলিয়াম টুডুয়ে ।

দাসাই উৎসৱত মুখ্য অতিথিৰূপে উপস্থিত থাকে আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দুৰ্গা হাছদাসহ বহু কেইগৰাকী আমন্ত্ৰিত সদস্য। আজিৰ এই দাসাই উৎসৱৰ সন্দৰ্ভত আদিবাসী কল্যান আৰু উন্নয়ন পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দুৰ্গা হাছদাই কয় যে, আদিবাসী চাওতালসকলৰ এই যুগ যুগ ধৰি চলি অহা পৰম্পৰা অনুসৰি দাসাই নৃত্য দলৰ সদস্যসকলে বিশেষ ভঙ্গীমাৰে নৃত্য কৰি প্ৰথমতে তেওঁলোকৰ পূৰ্ব পুৰুষ কামৰু গুৰু থানৰ চৌদিশে তিনিপাক ঘূৰে আৰু সেৱা জনায় ।

তাৰ পিছত তেওঁলোকৰ অন্য একাংশ উপাসক দেৱতা মাঞ্জি থানত সেৱা জনোৱাৰ পাছতে দাসাই নৃত্য উৎসৱৰ শুভাৰম্ভ কৰা হয় । চিৰাং জিলাৰ আদিবাসী সমাজৰ একাংশ সচেতন যুৱকে চাওতালসকলৰ পৰম্পৰাগত কলা-সংস্কৃতিক পৰৱৰ্তী প্ৰজন্মৰ বাবে জীয়াই ৰাখিবলৈ যি প্ৰচেষ্টা হাতত লৈছিল, আজি তেওঁলোকৰ সেই প্ৰচেষ্টা বহুখিনি সফল হৈছে আৰু ভবিষ্যতে চিৰাং জিলাৰ এই দাসাই উৎসৱ বৃহৎ আকাৰ ধাৰণ কৰিব বুলি আশা প্ৰকাশ কৰে।

ইয়াৰ উপৰি এইক্ষেত্ৰত আদিবাসী কল্যান আৰু উন্নয়ন পৰিষদৰ পৰা সহায় সহযোগিতা আগবঢ়োৱা হ'ব বুলি ঘোষণা কৰে । আজিৰ দাসাই উৎসৱত বিশেষভাৱে আমন্ত্ৰণ কৰা হৈছিল বিটিচিৰ মূখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োক। অৱশ্যে তেঁও বিশেষ কাৰণবশতঃ উপস্থিত থাকিব নোৱাৰিলে বুলি আয়োজক সমিতিয়ে জনায়।আজিৰ দাসাই উৎসৱ আৰু সভাৰ সঞ্চালনা কৰে উদযাপন সমিতিৰ সম্পাদক সমৰেন্দ্ৰ কিস্কুয়ে।