বড়োলেণ্ড

পুনৰ BPF লৈ ঘূৰি আহিব চন্দন ব্ৰহ্ম ! চিদলীত নাটকীয় পট পৰিবৰ্তন...

চন্দন ব্ৰহ্ম বিপিএফত উভতি আহিলে আঁদৰণি জনোৱা হ'ব - হাগ্ৰামা মহিলাৰী

Asomiya Pratidin

ডিজিটেল সংবাদ,চিৰাং: আজি ৩১ নং চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত মনোনয়ন পত্ৰ দাখিল কৰাৰ অন্তিম দিনত পুনৰ প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম সম্পৰ্কত এক বিশেষ খবৰে চৰ্চা লাভ কৰে। মনোনয়ন পত্ৰ দাখিল কৰাৰ প্ৰাকমুহূৰ্তত হোৱা চৰ্চা অনুসৰি বিপিএফ দল এৰি ইউ পি পি এল দলত যোগদান কৰা প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মই পুনৰ বি পি এফ দলত যোগদান কৰিব।

এই বাতৰিয়ে আজি শুদ্ধ বসুমতাৰীয়ে বিপিএফ দলৰ হৈ চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত মনোনয়ন পত্ৰ দাখিল কৰা অনুষ্ঠানত বিশেষ চৰ্চা লাভ কৰা পৰিলক্ষিত হয় । উল্লেখ্য যে বিগত লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিপিএফ দল ত্যাগ কৰি ইউ পি পি এলত যোগদান কৰিছিল এসময়ৰ বি পি এফ দলৰ শীৰ্ষ পৰ্যায়ৰ নেতা তথা প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মই।

প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মই ইউ পি পি এল দলত যোগদান কৰাৰ পূৰ্বৰে পৰা চৰ্চা চলি আছিল চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী সাংসদ হিচাপে নিৰ্বাচিত হৈ যোৱাৰ পিছত ৩১ নং চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত ইউ পি পি এল দলৰ হৈ টিকট লাভ কৰিব চন্দন ব্ৰহ্মই। কিন্তু চিদলী সমষ্টিৰ উপ-নিৰ্বাচনত চন্দন ব্ৰহ্মক টিকটৰ পৰা বঞ্চিত কৰি নিৰ্মল কুমাৰ ব্ৰহ্মক দলীয় টিকট প্ৰদান কৰে ইউ পি পি এলে।

ইয়াৰ পিছত ইউ পি পি এল দলৰ পৰা টিকট বিচাৰি বিমুখ হোৱা চন্দন ব্ৰহ্মই জিলা নিৰ্বাচনী বিষয়া কাৰ্যালয়ৰ পৰা মনোনয়ন পত্ৰ সংগ্ৰহ কৰিছিল। যি বাতৰিয়ে চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনক এক অন্য মাত্ৰা প্ৰদান কৰে ।

তাৰ মাজতেই আজি মনোনয়ন পত্ৰ দাখিল কৰাৰ অন্তিম দিনটোত চৰ্চা হয় বিপিএফ দলৰ পৰা দল ত্যাগ কৰি ইউ পি পি এল দলত যোগদান কৰা প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মক পুনৰ বিপিএফ দললৈ পুনৰ আনিবলৈ আলোচনা আৰম্ভ হৈছে ।

ইউ পি পি এলত যোগদান কৰাৰ পাছতেই চন্দন ব্ৰহ্ম কোন বুলি প্ৰশ্ন কৰা বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীক অৱশ্যে আজি কাজলগাঁৱত এই সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত হাগ্ৰামা মহিলাৰীৰ পূৰ্বৰ কঠোৰ সুৰ সলনি হয়। তেওঁ কয়, চন্দন ব্ৰহ্মই যদি আকৌ আমাৰ বি পি এফ দলত যোগদান কৰিব খোজে তেন্তে আমি নিশ্চয় তেখেতক আকোৱালি লম।

ইয়াৰোপৰি হাগ্ৰামাই এই কথাও কয় যে, চন্দন ব্ৰহ্মৰ ওচৰলৈ তেওঁ নিজেই মানুহ পঠিয়াই দিছে। আনহাতে প্ৰাক্তন মন্ত্ৰী প্ৰমীৰাণী ব্ৰহ্মই কয় যে এটা সময়ত জাতিৰ হকে হাগ্ৰামা মহিলাৰী, চন্দন ব্ৰহ্ম হঁতে একেলগে সংগ্ৰাম কৰিছিল আৰু পৰবৰ্তী সময়ত বি টি চি শান্তিচুক্তি সম্পাদিত কৰি দুয়ো একেলগে ৰাজনৈতিক পথাৰত নামি বিটিচিৰ উন্নয়নৰ হকে কাম কৰি গৈছিল।

কিন্তু কিবা এটা কাৰণ চন্দন ব্ৰহ্মই বহুদিন আমাৰ দলৰ পৰা আঁতৰি আছিল। পিছত তেখেত ইউপিপিএল দলত যোগদান কৰিছিল।ইউ পি পি এল দলত তেখেতে হয়তো প্ৰাপ্য মৰ্য্যদা পোৱা নাই যাৰ কাৰণে তেওঁ পুনৰ নিজৰ দললৈ উভতি অহাৰ চিন্তা কৰিছে। এয়া তেখেতৰ বাবে নিশ্চিত ভাৱে আদৰণীয় পদক্ষেপ হ'ব বুলি মন্তব্য কৰে।

তেওঁ কয়, আজি, কালিৰ ভিতৰত তেওঁ হয়তো বিপিএফ দললৈ উভতি নাহিবও পাৰে। অলপ সময় লাগিব পাৰে, কিন্তু খুব কম সময়ৰ ভিতৰত চন্দন ব্ৰহ্মই বিপিএফ দললৈ পুনৰ উভতি আহিব আৰু চন্দন ব্ৰহ্ম উভতি আহিলে বিপিএফ দল পুনৰ শক্তিশালী হ'ব বুলিও দৃঢ়তাৰে প্ৰকাশ কৰে প্ৰমীলাৰাণী ব্ৰহ্মই।

ইপিনে চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বিপিএফ দলৰ প্ৰাৰ্থী শুদ্ধ বসুমতাৰীয়ে চন্দন ব্ৰহ্মৰ পুনৰ আগমনৰ বাৰ্তাক আদৰণি জনায় আৰু তেখেত আহিলে বিপিএফ দলে তেখেতক নিশ্চয় আদৰি ল'ব বুলি মন্তব্য কৰে। অনুৰূপভাবে একালৰ সতীৰ্থ পাৰিষদ জেমচ বসুমতাৰী আৰু পানীৰাম ব্ৰহ্ময়ো প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মক বিপিএফ দললৈ পুনৰ ওভতাই অনাৰ পক্ষত মত পোষণ কৰে।

আজিৰ দিনটোত চন্দন ব্ৰহ্ম পুনৰ বি পি এফলৈ উভতি অহাৰ খবৰ বিয়পি পৰাৰ পাছতে ইউ পি পি এল দলৰ ভিতৰচৰাতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। প্ৰাপ্ত খবৰ অনুসৰি আজি সমগ্ৰ বিষয়টো লৈ চন্দন ব্ৰহ্মৰ সৈতে প্ৰমোদ বড়োৰ এক বৈঠক অনুষ্ঠিত হৈছে।

সন্ধিয়াৰ ভাগত চিৰাঙৰ চাপাগুৰীস্থিত হোটেল ছিগনেটত এক বিশেষ বৈঠক অনুষ্ঠিত হৈছে । প্ৰমোদ বড়োৰ সৈতে অনুষ্ঠিত হোৱা বৈঠকত চন্দন ব্ৰহ্মৰ উপৰি তেওঁৰ শতাধিক অনুগামী উপস্থিত আছে বুলি জানিব পৰা গৈছে । বৈঠকৰ অন্তত চন্দন ব্ৰহ্মই কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া এতিয়া ৩১ নং চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত এক চৰ্চিত বিষয় হিচাপে বিবেচিত হৈছে ।