বড়োলেণ্ড

চিকনাঝাৰক ৰাষ্ট্ৰীয় উদ্যান ঘোষণা মুখ্যমন্ত্ৰীৰ : প্ৰকৃতিপ্ৰেমী দল-সংগঠন তথা ৰাইজৰ আদৰণি

Asomiya Pratidin

ডিজিটেল সংবাদ, চিৰাং :  দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ দিনা অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিটিআৰবাসীলৈ এক সুখবৰ কঢ়িয়াই আনে । ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ ভাষণত চিৰাং আৰু কোকৰাঝাৰ জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী তথা বিভিন্ন বন্য জীৱ জন্তুৰ বৈচিত্ৰ্যময় বাসস্থলী চিৰাং-ৰিপু সংৰক্ষিত বনাঞ্চলৰ ৩৯১ বৰ্গকিলোমিটাৰ সামৰি নতুনকৈ "চিকনাঝাৰ জৌহৌলাও ৰাষ্ট্ৰীয় উদ্যান" হিচাপে স্বীকৃতি প্ৰদানৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই ।

কোকৰাঝাৰ জিলাৰ হল্টুগাঁও, ঝাৰবাৰী আৰু চিৰাং জিলাৰ ৰুণীখাতা ৰেঞ্জ সাঙুৰি লৈ গঠন কৰা "চিকনাঝাৰ জৌহৌলাও ৰাষ্ট্ৰীয় উদ্যান" অসমৰ অষ্টম তথা বিটিআৰৰ তৃতীয়খন ৰাষ্ট্ৰীয় উদ্যান। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে চিৰাঙৰ বনকৰ্মী, প্ৰকৃতিপ্ৰেমী সংগঠন আৰু সৰ্বসাধাৰণ ৰাইজৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা যায়।

লক্ষ্যণীয় বিষয় যে বিগত কিছু বছৰ ধৰি চিৰাং -কোকৰাঝাৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ চিৰাং-ৰিপু সংৰক্ষিত বনাঞ্চলত অবাধে গছ গছনি কাটি বনধ্বংস কৰি বনভূমিত ঘৰদুৱাৰ সাজি খেতিলৈ ৰূপান্তৰ কৰি বনাঞ্চলক ধ্বংসৰ গৰাহত ঠেলি দিয়া পৰিলক্ষিত হৈছে । ফলত যোৱা কিছুবছৰ বছৰ ধৰি অঞ্চলটোত হস্তী-মানৱৰ সংঘাত তীব্ৰ ৰূপ ধাৰণ কৰিছে ।

বন্যহস্তীৰ আক্ৰমণত প্ৰতিবছৰে বহু লোকে ঘৰদুৱাৰ ক্ষতিসাধন হোৱাৰ লগতে অকাল মৃত্যুক সাৱতি ল’ব লগা ঘটনা বৃদ্ধি পাবলৈ ধৰিছে । বিভিন্ন বন্যপ্ৰাণীৰ বিচৰণ স্থলী এই সংৰক্ষিত বনাঞ্চলক অবাধ বনধ্বংসৰ পৰা ৰক্ষা কৰিবলৈ সময়ে বনবিভাগ আৰু বিটিচি প্ৰশাসনৰ পৰা উচ্ছেদ অভিযান চলাইছিল কিন্তু একাংশ ৰাজনৈতিক দলৰ স্বাৰ্থসিদ্ধিৰ বাবেই প্ৰতিবাৰেই এই পদক্ষেপ বিফল হোৱা পৰিলক্ষিত হৈছিল।

ফলশ্ৰুতিত একাংশ বন মাফিয়াৰ পৃষ্ঠপোষকতাত দ্ৰুতগতিত মূল্যবান গছ গছনি কাটি তহিলং কৰি বনাঞ্চল ধ্বংস গৈছিল। সামান্তৰালকৈ এখনৰ পিছত এখন গাঁও স্থাপন কৰি সংৰক্ষিত বনাঞ্চল খেতি পথাৰলৈ ৰূপান্তৰ কৰি গৈছিল। 

যি বনধ্বংসৰ কাৰ্য্য এতিয়াও অব্যাহত আছে । যাৰ কাৰণেই বিটিচি প্ৰশাসনৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োৰ নেতৃত্বত বিটিচিৰ বনবিভাগৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে এই ধ্বংস প্ৰায় সংৰক্ষিত বনাঞ্চল ৰক্ষাৰ কৰাৰ স্বাৰ্থত এক ইয়াক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰাৰ পৰিকল্পনা গ্ৰহণ কৰে।

পৰৱৰ্তী সময়ত জৰীপ চলাই ৩৯১ বৰ্গকিলোমিটাৰ সামৰি ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰি অসম চৰকাৰলৈ প্ৰেৰণ কৰে । আজি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ধ্বংসমুখী বনাঞ্চলক সংৰক্ষিত কৰি ৰাখিবলৈ "চিকনাঝাৰ জৌহৌলাও ৰাষ্ট্ৰীয় উদ্যান" হিচাপে ঘোষণা কৰাৰ পিছত প্ৰকৃতিপ্ৰেমী দল সংগঠনৰ উপৰি সকলোৱেই এই পদক্ষেপক আদৰণি জনায় ।

মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ এই ঘোষণাই অঞ্চলটোৰ ক্রম ধ্বংসমুখী বনাঞ্চলক ৰক্ষা কৰাৰ ক্ষেত্ৰত এক যুগান্তকাৰী পদক্ষেপ বুলি বিবেচিত হৈছে । কাৰণ সমীপতে কোকৰাঝাৰ জিলাৰ ৰাইমনা বনাঞ্চলক ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰাৰ পিছত ধ্বংস প্ৰায় ৰাইমনা বনাঞ্চল এক নতুন ৰূপত গঢ় লৈ উঠিছে ।

ফলত অঞ্চলটোত নতুনকৈ পৰ্য্যটন ক্ষেত্ৰ হিচাপে বিবেচিত হৈছে । আশা কৰা হৈছে আজি মুখ্যমন্ত্ৰীৰ এই পদক্ষেপৰ পিছত  "চিকনাঝাৰ জৌহৌলাও ৰাষ্ট্ৰীয় উদ্যান" ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান দৰে গঢ় লৈ উঠিব আৰু নতুনকৈ সেউজীকৰণ হৈ বন্য জীৱ জন্তুৰ বাবে এটা আদৰ্শ ৰাষ্ট্ৰীয় উদ্যান হিচাপে পৰিগণিত হব বুলি আশা প্ৰকাশ কৰা হৈছে ।