বড়োলেণ্ড

৩০ হাজাৰ টকা! চিএম ভিজিলেন্সৰ অভিযানত হাত দাঙিলে এজন চৰকাৰী বিষয়া

Asomiya Pratidin

ডিজিটেল সংবাদ, চিৰাং : চিৰাঙৰ বিজনীত মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত হাত দাঙিলে এজন চৰকাৰী বিষয়া । ৩০ হেজাৰ টকা উৎকোচ লোৱাৰ সময়তে মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাৰ হাতে-লোটে ধৰা পেলাই বড়ো বাজাৰ শিশু উন্নয়ন প্ৰকল্প বিষয়া ব্ৰজেন্দ্ৰ নাথ দাস ।

৪ লাখ টকাৰ বকেয়া বিল মোকলাই দিয়াৰ নামত ঠিকাদাৰৰ পৰা ৩০ হেজাৰ টকা উৎকোচ বিচাৰিছিল বিজনী বড়ো বাজাৰৰ শিশু উন্নয়ন প্ৰকল্প বিষয়া ব্ৰজেন্দ্ৰ নাথ দাসে। সোমবাৰে বিজনী চহৰৰ মাজমজিয়াত বিজনী‌ মহকুমাধিপতি কাৰ্যালয় চৌহদত উৎকোচ হিচাপে দাবী কৰা ৩০ হেজাৰ টকা লোৱাৰ সময়তে মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে চৰকাৰী বিষয়াজন । মহকুমাধিপতি কাৰ্যালয় চৌহদত এইদৰে মুকলিকৈ উৎকোচ লোৱাৰ সময়ত মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাই এইদৰে গ্ৰেপ্তাৰ কৰা ঘটনাই চিৰাঙৰ বিজনীত চাঞ্চল্যৰ সৃষ্টি হৈছে ।