বড়োলেণ্ড

এমাহ পূৰ্বে গৈছিল শ্ৰীনগৰলৈঃ কিয় চৰম পন্থা বাছি ল'লে চিআৰপিএফ জোৱানে?

Asomiya Pratidin

ডিজিটেল ডেস্কঃ কোকৰাঝাৰৰ ভূটীয়াপাৰা নিৱাসী শ্ৰীনগৰত কৰ্মৰত চিআৰপিএফ জোৱান স্বপন নাথ(৩২)ৰ মৃত্যু। চিআৰপিএফ জোৱানগৰাকীৰ মৃত্যুুৰ বাতৰিয়ে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। মাথো এমাহ পূৰ্বে শ্ৰীনগৰত কৰ্তব্যত যোগদান কৰা স্বপন নাথৰ মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে পৰিয়ালত কান্দোনৰ ৰোল উঠে ।

শুকুৰবাৰে পুৱা ৯:০০ মান বজাত শ্ৰীনগৰৰ পৰা চিআৰপিএফৰ উৰ্ধতম কৰ্তৃপক্ষই পৰিয়ালৰ সদস্যক টেলিফোন যোগে স্বপন নাথে আত্মহত্যা কৰাৰ চেষ্টা কৰিছে আৰু তেওঁৰ অৱস্থা অতি গুৰুতৰ বুলি জানিব দিয়ে। আহত স্বপন নাথক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে ।

ইতিমধ্যে জোৱানগৰাকীৰ মৃতদেহৰ ফটো পৰিয়ালে লাভ কৰিছে। সম্পূৰ্ণ সামৰিক পোছাকত থকা তেজেৰে লুতুৰী-পুতুৰী হৈ থকা স্বপন নাথৰ মৃতদেহটো দেখি স্বাভাৱিকতে পৰিয়ালৰ লোক হতচকিত হৈ পৰিছে। পৰিয়ালৰ সদস্যই সদৰি কৰা মতে মাত্ৰ এমাহ পূৰ্বে ছুটী শেষ কৰি শ্ৰীনগৰত কৰ্তব্যত যোগদান কৰিছিল তেওঁ।

অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান স্বপন নাথ ২০১১ চনত চিআৰপিএফত ভৰ্তি হৈছিল । কিছুমাহ পূৰ্বে ছিলঙৰ পৰা শ্ৰীনগৰলৈ বদলি হৈছিল স্বপন নাথ । চিআৰপিএফৰ ৮২ নং বেটেলিয়নত কৰ্মৰত চিআৰপিএফ জোৱান স্বপন নাথৰ মৃত্যুৰ বাতৰি প্ৰচাৰ হোৱাৰ পিছতেই অজস্ৰ গুণমুগ্ধই তেওঁৰ বাসভৱনত ভিৰ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰে।

মৃত্যুৰ পূৰ্বে স্বপন নাথে ইহজগতত মাতৃ , কনিষ্ট ভাতৃ , পত্নী আৰু এগৰাকী পাঁচবছৰীয়া কন্যা সন্তান এৰি থৈ গৈছে । স্বপন নাথৰ মৃতদেহ আজি নিশা শ্ৰীনগৰৰ পৰা বিমানযোগে নতুন দিল্লীলৈ অনাৰ পিছত কাইলৈ পুৱা নতুন দিল্লীৰ পৰা  গুৱাহাটীলৈ অনা হ'ব । ইয়াৰ পিছতে গুৱাহাটীৰ পৰা পথযোগে মৃতদেহ  ঘৰলৈ অনা হ'ব আৰু ভূটীয়াপাৰা শ্মশানত মৃতকৰ শেষকৃত্য সম্পন্ন কৰা হ'ব বুলি জানিব পৰা গৈছে । কি কাৰণে জোৱানজনে আত্মহত্যা কৰিলে সেয়া জানিব পৰা হোৱা নাই।