বড়োলেণ্ড

চিৰাঙত ডায়েৰিয়া নিৰ্মূল অভিযান ২০২৪ৰ শুভাৰম্ভ

Asomiya Pratidin

ডিজিটেল সংবাদ, চিৰাং : "ডায়েৰিয়াত শিশু মৃত্যু সংখ্যা শূন্য, এয়াই চূড়ান্ত লক্ষ্য" এই শ্লোগান আগত ৰাখিয়েই শনিবাৰে চিৰাং জিলা ৰাষ্ট্ৰীয় স্বাস্থ্য মিচন (এনএইচএম) আৰু জিলা স্বাস্থ্য সমিতিৰ যৌথ উদ্যোগত ডায়েৰিয়া নিৰ্মূল অভিযান ২০২৪ৰ শুভাৰম্ভ কৰা হয়। চিদলী বি পি এইচ চিৰ অন্তৰ্গত বামুনগাঁও আয়ুষ্মান আৰোগ্য মন্দিৰত জিলা পৰ্যায়ৰ এই অভিযানৰ শুভাৰম্ভ কৰা হয়।

অনুষ্ঠানৰ লগত সঙ্গতি ৰাখি ডায়েৰিয়াৰ ৰোগৰ ওপৰত এখন সজাগতামূলক সভাও অনুষ্ঠিত কৰা হয় । সজাগতামূলক সভা উদ্বোধন কৰে এনএইচএম ৰ জিলা প্ৰগ্ৰেম মেনেজাৰ বাচিল টাপ্পোই।

অনুষ্ঠানত উপস্থিত থাকে এছ ডি এইচ এণ্ড এম অ’ ডা: উত্তম কুমাৰ বিশ্বাস,জিলা মিডিয়া বিশেষজ্ঞ কংকনা দেৱী, জিলা কমিউনিটি মবিলাইজাৰ ছাইমন মুছাহাৰীসহ ব্লক প্ৰগ্ৰেম মেনেজাৰ, ব্লক কমিউনিটি মবিলাইজাৰ আদি। তাৰোপৰি সামূহিক স্বাস্থ্য বিষয়া (চি এইচ অ’), আশা তত্বাৱধায়ক, আশা কৰ্মী, স্বাস্থ্য কৰ্মচাৰীসহ বামুনগাঁও অঞ্চলৰ প্ৰায় ৬০ গৰাকী শিশু আৰু অভিভাৱকসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।

জিলা মিডিয়া বিশেষজ্ঞ কংকনা দেৱীয়ে এক প্ৰেছ বিজ্ঞপ্তিযোগে সদৰী কৰা মতে আজিৰ পৰা চিৰাং জিলাত আৰম্ভ হোৱা এই "ডায়েৰিয়া নিৰ্মূল অভিযান" অহা ২ মাহ লৈকে চলিব । উল্লেখ্য যে এই অভিযান চলাকালীন সমগ্ৰ চিৰাং জিলা সাঙুৰি ডায়েৰিয়া ৰোগত আক্ৰান্ত শিশুৰ অআৰএছ আৰু জিঙ্ক ব্যৱহাৰৰ ওপৰত গুৰুত্বাৰোপ কৰি কাম কৰা হ'ব ।

ইয়াৰ উপৰি পাঁচ বছৰৰ তলৰ শিশুৰ ডায়েৰিয়া প্ৰতিৰোধ আৰু ব্যৱস্থাপনাৰ বাবে যত্ন লোৱা লোকসকলৰ মাজতো উপযুক্ত ব্যৱহাৰিক দিশ প্ৰসাৰিত কৰাৰ লক্ষ্য ৰখা হৈছে । তদুপৰি জিলাখনৰ সাম্ভাৱ্য ডায়েৰীয়াত আক্ৰান্ত এলেকা আৰু আৰ্থিক দিশত দুৰ্বল সম্প্ৰদায়ক বিশেষ গুৰুত্ব প্ৰদান কৰি এই ডায়েৰীয়া নিৰ্মূল অভিযান চলোৱা হ’ব।