বড়োলেণ্ড

বি টি আৰত শিক্ষক নিযুক্তিত বিসংগতি !

Asomiya Pratidin

ডিজিটেল সংবাদ, বাক্সা : কোকৰাঝাৰত বি টি চি চৰকাৰৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰত হোৱা দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে। বাক্সা জিলাৰ মুছলপুৰত বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰি ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় শিক্ষা সংস্থাৰ অধীনস্থ ডি.এল.এড উত্তীৰ্ণ সংস্থাই এই কথা ৰাজহুৱা কৰে।

সংবাদমেলত সংস্থাই কয় যে, কালি বিটিআৰ চৰকাৰে প্ৰকাশ কৰা নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক শিক্ষক নিযুক্তিত আছে বহু বিসংগতি। মেধাৰ নম্বৰ অবিহনেও প্ৰকাশ কৰিছে তালিকা ।

আনহাতে তালিকাত আল্পনা দাস আৰু মায়াবতী সিংহা নামৰ দুগৰাকী প্ৰাৰ্থীৰ নাম দুবাৰকৈ প্ৰকাশ পাইছে । টকা লৈ নিযুক্তি তালিকাত নাম অন্তৰ্ভুক্ত কৰা বুলিও অভিযোগ তুলিছে ডি.এল.এড উত্তীৰ্ণ সংস্থাৰ সদস্যসকলে ।

অভিযোগ অনুসৰি ডি.এল.এড উত্তীৰ্ণ প্ৰাৰ্থীসকলক বঞ্চিত কৰি ভেৰিফিকেশ্যনৰ সময়ত প্ৰকাশ কৰা তালিকাৰ বিপৰীতে নিযুক্তি তালিকাৰ আকাশ-পাতাল পাৰ্থক্য থকাৰ কথা ব্যক্ত কৰে সংবাদমেলত ।