ডিজিটেল সংবাদ, কোকৰাঝাৰ : শিক্ষাই একমাত্ৰ পথ যিয়ে সমাজ গঢ়িব পাৰে । আমাৰ সমাজতো আব্দুল কালাম , ৰামানুজন আছে, সেয়া শিক্ষকসকলে উলিয়াই আনিব লাগিব । এই মন্তব্য বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ।
বুধবাৰে কোকৰাঝাৰৰ বডোফা সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হোৱা বিটিআৰৰ সমগ্ৰ শিক্ষাৰ অধীনত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ শিক্ষকসকলৰ (ঠিকাভিত্তিক আৰু ষ্টেটপুল) নিয়মীয়াকৰণৰ নিযুক্তি পত্ৰ আনুষ্ঠানিকভাৱে বিতৰণ কৰি উক্ত মন্তব্য কৰে মুখ্য কাৰ্যবাহী বড়োৱে। নিয়মীয়াকৰণ হোৱা দুই সহস্ৰাধিক শিক্ষকক উদ্দেশ্যি নিজৰ ভাষণত প্ৰমোদ বড়োৱে কয়- শিক্ষকসকল হৈছে "চচিয়েল ইঞ্জিনিয়াৰ।" একমাত্ৰ শিক্ষাই হে সমাজ গঢ়িব পাৰে আৰু সমাজ গঢ়াৰ ক্ষেত্ৰত শিক্ষকৰ ভূমিকা অপৰিহাৰ্য।
তেওঁ লগতে কয় -শিক্ষকৰ মাজত কোনোধৰণৰ বৈষম্য থাকিব নালাগে। শিক্ষকৰ মনটো সদায় পবিত্ৰ হৈ থাকিব লাগে। শিশুসকলক নিজৰ সন্তান বুলি ভাবিব লাগিব । ’শিক্ষকতা হৈছে এটা কলা। শিক্ষা থাকিব পাৰে কিন্তু সকলোৱে শিক্ষকতা কৰিব নোৱাৰে ৷ আজি চাকৰি নিয়মীয়াকৰন হোৱা সকলৰ ভিতৰত বহু মেধাৱী ছাত্ৰও আছে আৰু হয়তো কিছুমান তৃতীয়, দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰও আছে ৷
বহুসময়ত দেখা যায় যে মেধাসম্পন্ন শিক্ষকজনে পঢ়োৱা বিষয়বস্তুখিনি ছাত্ৰ-ছাত্ৰী সকলে বুজি পোৱা নাই অথচ ছাত্ৰ জীৱনত ভাল ফলাফল নেদেখুৱা শিক্ষক জনে যি পঢ়াইছে তেওঁৰ প্ৰতিহে ছাত্ৰ-ছাত্ৰী সকলৰ আকৰ্ষণটো বেছি ৷ এইটোৱে হৈছে শিক্ষকতাৰ ক’লা । শিক্ষকসকল ক’লাৰ অধিকাৰী হোৱাটোও জৰুৰী । নিজৰ স্কুলীয়া জীৱন আৰু কলেজ জীৱনৰ স্মৃতি ৰোমন্থন কৰি প্ৰমোদ বড়োৱে নষ্টালজিক হৈ পৰে আৰু শিক্ষাগুৰুৰ ভূমিকা লোৱা প্ৰয়াত পিতৃৰ কথা শ্ৰদ্ধাৰে স্মৰণ কৰে ।
নিৱনুৱা সমস্যাৰ কথাও নিজ ভাষণত উল্লেখ কৰি প্ৰমোদ বড়োৱে কয় যে তাৰ বাবে বহুতেই আজিৰ শিক্ষানীতিক দোষাৰোপ কৰে যদিও প্ৰকৃততে নিবনুৱা বুলি কোনো কথা নাই । পৃথিৱীত কামেই কাম , যদিও কিছুমান মানুহ কিছুমান কাম নকৰে।
শিক্ষকসকলৰ একাগ্ৰতা , কৰ্তব্যপৰায়ণতাক প্ৰশংসা কৰি প্ৰমোদ বড়োৱে কয় যে একাংশ শিক্ষকৰ বাবে কিন্তু দায়িত্বশীল শিক্ষকৰো বদনাম হৈছে। অনাগত সময়ছোৱাত শিক্ষকসকলৰ হেৰোৱা সন্মান পুণৰ ঘূৰি আহিব বুলি আশা প্ৰকাশ কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ।
উল্লেখ্য যে আজি বিটিআৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ সৰ্বমুঠ ২১১২ জন শিক্ষকক বিটিচি চৰকাৰে নিয়মীয়াকৰণ কৰে। ২১১২ শিক্ষকৰ ভিতৰত ১৭৩৪ গৰাকী হ'ল নিম্ন প্ৰাথমিক পৰ্যায়ৰ আৰু আন ৩৭৮ গৰাকী হ'ল উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বুলি শিক্ষা বিভাগে সদৰি কৰিছে।
আজিৰ সভাত বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়ো , বিটিচিৰ প্ৰধান সচিব আকাশদীপ, বিধায়ক ক্ৰমে লৰেঞ্চ ইছলাৰী আৰু জিৰণ বসুমতাৰী , বিটিচিৰ কাৰ্যবাহী সদস্যসকল, বিটিচি শিক্ষা বিভাগৰ ভাৰপ্ৰাপ্ত সঞ্চালক জে পি ব্ৰহ্ম আৰু বিটিআৰৰ শিক্ষা বিষয়াসকল উপস্থিত থকাৰ লগতে দ্বিসহস্ৰাধিক শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থাকে ।