চিৰাঙত BTC প্ৰশাসনৰ উদ্যোগত ভূমি বন্দোবস্তিৰ প্ৰমান পত্ৰ বিতৰণ... 
বড়োলেণ্ড

চিৰাঙত BTC প্ৰশাসনৰ উদ্যোগত ভূমি বন্দোবস্তিৰ প্ৰমান পত্ৰ বিতৰণ...

"মিছন বৈছৌমুথি-১.০"ৰ অধীনত প্ৰমোদ বড়োয়ে বিতৰণ কৰে এই প্ৰমাণ পত্ৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, চিৰাং: উপ-নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিটিআৰ এলেকাৰ ভূমিৰ সমস্যা দূৰ কৰিবলৈ বিটিচি প্ৰশাসনৰ বিশেষ উদ্যোগ গ্ৰহণ কৰা পৰিলক্ষিত হয়। চিৰাঙৰ কাজলগাঁৱত বিটিচি প্ৰশাসনৰ উদ্যোগত "মিছন বৈছৌমুথি-১.০" অধীনত ভূমি বন্দোবস্তিৰ প্ৰমান পত্ৰ বিতৰণ কৰা হয়।

আজি চিৰাং জিলাৰ কাজলগাঁৱত বিটিচিৰ ভূমি আৰু ৰাজহ বিভাগৰ উদ্যোগত "মিছন বৈছৌমুথি-১.০" অধীনত চিৰাং জিলাৰ চিদলী, বেংতল আৰু বিজনী ৰাজহচক্ৰৰ অধীনস্থ বিভিন্ন জাতি জনগোষ্ঠীৰ ১৮৮৬ গৰাকী ভূমিহীন হিতাধিকাৰীৰ মাজত ভূমি বন্দোবস্তিৰ প্ৰমান পত্ৰ আনুষ্ঠানিক ভাবে প্ৰদান কৰে বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োয়ে।

আজিৰ অনুষ্ঠানত ভাষণ প্ৰসংগত প্ৰমোদ বড়োয়ে কয় যে, বিপিএফৰ শাসনকালত মাত্ৰ ১৭ হেজাৰ লোকক ভূমি পট্টা প্ৰদান কৰিছিল আৰু আমি এই চাৰে তিনি বছৰত মিছন বৈছুমৌতি অধীনত অনলাইন আৰু অপলাইনত বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰায় দুই লক্ষাধিক হিতাধিকাৰীৰ ভূমিৰ সমস্যা দূৰ কৰা হৈছে বুলি দাবী কৰে।

আজি কাজলগাঁৱৰ সাপ্তাহিক বজাৰৰ সভাগৃহত সহস্ৰাধিক হিতাধিকাৰীৰ উপস্থিতিত আয়োজিত ভূমি বন্দোবস্তি প্ৰমান পত্ৰ বিতৰণ অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰী, বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়, বিটিচিৰ ভূমি আৰু ৰাজহ বিভাগৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, কাৰ্য্যবাহী সদস্য উইলছন হাছদা, পাৰিষদ মাধৱ ছেত্ৰী সহ ইউপিপিএল আৰু বিজেপিৰ দলৰ নেতৃবৃন্দ উপস্থিত থাকে।