বড়োলেণ্ড

তামুলপুৰত জিলাভিত্তিক যোগ প্ৰতিযোগিতা সম্পন্ন...

Asomiya Pratidin

ডিজিটেল সংবাদ, তামুলপুৰঃ তামুলপুৰ জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য সংঘৰ উদ্যোগত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন জিলা পৰ্যায়ৰ যোগ প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। অনুষ্ঠিত হোৱা এই যোগ প্ৰতিযোগিতা ৪টা শাখাত অনুষ্ঠিত হয়। প্ৰথম শাখাত ১০ বছৰ বয়সৰ ভিতৰত ৮গৰাকী, দ্বিতীয় শাখাত ১০-১৮ বছৰৰ ভিতৰত ৮০গৰাকী, তৃতীয় শাখাত ১৮-৩৫ বছৰৰ ভিতৰত ৩গৰাকী আৰু চতুৰ্থ শাখাত ৩৫ বছৰৰ ওপৰৰ ৩গৰাকী লোককে ধৰি মুঠ ৯৪গৰাকী প্ৰতিযোগীয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।

প্ৰতিযোগিতাখন সমাগত ২১ জুন, ২০২৪ত উদযাপন কৰিবলগীয়া "১০ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস" উপলক্ষে আয়োজন কৰা হৈছিল‌। বিজয়ী প্ৰতিযোগীসকল হৈছে-১ম শাখাত (ক) গীতাঞ্জলি বাছনেট, (খ) হিমাংশু কাকতি, (গ) অৱগুণ্ঠিতা কলিতা। ২য় শাখাত (ক) পৰিস্মিতা বড়ো, (খ) ৰিতুস্মিন ৰাভা, (গ) সেৱিকা দেৱী। ৩য় শাখাত (ক) অনিতা ৰাভা, (খ) প্ৰণৱ চক্ৰৱৰ্তী, (গ) সবিতা ৰাভা। আৰু ৪ৰ্থ শাখাত (ক) নিৰুপমা লহকৰ, (খ) বিমলা বড়ো, (গ) পূৰ্ণিমা ডেকা।

বিজয়ী প্ৰতিযোগীসকলক ২১ জুনত উদযাপন কৰিবলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দিনা প্ৰমাণপত্ৰ আৰু ট্ৰফীৰে পুৰস্কৃত কৰা হ'ব বুলি জিলা প্ৰশাসনৰ তৰফৰ পৰা জনোৱা হৈছে। শনিবাৰে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ বিচাৰক আছিল অঞ্জন চক্ৰৱৰ্তী, কৰৱী নমঃশুদ্ৰ আৰু ৰীতা ৰাভা।

আনহাতে প্ৰতিযোগিতাথলীত তামুলপুৰ জিলাৰ সহকাৰী আয়ুক্ত কৰৱী ফাংচ', মহকুমা স্বাস্থ্য বিষয়া ডা: ভানু কছাৰী, 'আয়ুষ'ৰ জিলা প্ৰকল্প বিষয়া নিভা তালুকদাৰ আৰু 'আয়ুষ'ৰ ভাৰপ্ৰাপ্ত স্বাস্থ্য বিষয়া ডা: অৰিন্দম কলিতাৰ উপৰি বিভিন্ন বিভাগৰ বিষয়ববীয়া, অভিভাৱক, ছাত্ৰ-ছাত্ৰী আদি উপস্থিত আছিল বুলি তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই উল্লেখ কৰিছে ।