চপৰা চপৰে খহিছে ৰৌতা নদীৰ গৰাঃ যোগাযোগ বিচ্ছিন্ন হোৱাৰ দিশে ৪০ খন গাওঁ 
বড়োলেণ্ড

চপৰা চপৰে খহিছে ৰৌতা নদীৰ গৰাঃ যোগাযোগ বিচ্ছিন্ন হোৱাৰ দিশে ৪০ খন গাওঁ

Asomiya Pratidin

ডিজিটেল সংবাদ ৰৌতাঃ বাৰিষাৰ মাজতে ৰৌতা নদীয়ে সৃষ্টি কৰা খহনীয়াই টোপনি হৰিছে ২ নং ৰঙাপানী গাঁৱৰ লোকসকলৰ। ইতিমধ্যে খহনীয়াৰ কবলত পৰি বিস্তৰ কৃষি ভূমি নৈত বিলীন হোৱাৰ পিছত এতিয়া ছিলিংখুঁটি-চিকাৰীডাঙ্গা সংযোগী একমাত্ৰ পথটোও খহিবলৈ আৰম্ভ কৰিছে।

উল্লেখ্য যে, এই পথটো ৪০ খনকৈ গাঁৱৰ ৰাইজৰ যাতায়তৰ বাবে একমাত্ৰ পথ। পথটোৰ মাজত আছে এখন দলং। ৩ বছৰ পূৰ্বে নিৰ্মাণ সম্পূৰ্ণ হোৱা এই দলংখনলৈও খহনীয়াৰ ফলত এতিয়া ভাবুকি আহি পৰিছে।

এনে পৰিস্থিতিত এই পথটোৱে সংযোগ কৰা ৪০ খনকৈ গাওঁৰ ৰাইজকে চিন্তিত কৰি তুলিছে। ৰৌতা নৈৰ গৰাখহনীয়াৰ সন্দৰ্ভত জলসম্পদ বিভাগক এমাহ পূৰ্বৰে পৰা বাৰে বাৰে স্থানীয় লোকসকলৰ লগতে দল, সংগঠনে অৱগত কৰি আহিছে যদিও বিভাগটোৱে এই পৰ্যন্ত কোনো গুৰুত্ব প্ৰদান কৰা নাই। যাৰ ফল ভূগিবলগীয়া হৈছে স্থানীয় ৰাইজে।

জলসম্পদ বিভাগৰ দায়িত্বহীনতাৰ বাবেই গৰাখহনীয়াৰ ফলত এই অঞ্চলটোৰ বহু কৃষকৰ ভূমি ইতিমধ্যে নৈত বিলীন হৈছে। সেয়ে খেতি পথাৰ ৰক্ষা কৰাৰ বাবে অতি শীঘ্ৰেই বিভাগক পাৰ্কুপাইনৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে ৰাইজে।

একদৰে কৃষি ভূমি ৰক্ষা কৰিবলৈ আৰু ৪০ খন গাঁৱৰ যাতায়তৰ একমাত্ৰ পথটো সুৰক্ষা দিয়াৰ স্বাৰ্থতে নৈখনৰ সোঁত আনোটো প্ৰান্তলৈ বোৱাই নিবলৈ জেচিবিৰে খান্দাৰ ব্যৱস্থাও কৰিবলৈ আহ্বান জনাইছিল স্থানীয় ৰাইজে। কিন্তু এই পৰ্যন্ত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই জলসম্পদ বিভাগে।

এই সন্দৰ্ভত এগৰাকী স্থানীয় লোকে আমাৰ আগত কয়, ৰৌতা নদীৰ খহনীয়াৰ ফলত ২নং ৰঙাপানী গাঁৱত যথেষ্ট ক্ষতিসাধন হৈছে। যোৱা মাহত ৰৌতা নদীৰ গৰাখহনীয়াৰ বাবে ৩ বছৰ পূৰ্বে নিৰ্মাণ সম্পূৰ্ণ হোৱা এই পথটোৰ ওপৰত থকা একমাত্ৰ দলংখনৰ প্ৰতিও ভাবুকি আহি পৰিছে। আমি এই বিষয়ে বিভাগক অৱগত কৰাৰ পিছত তেওঁলোকে কেৱল পৰ্যবেক্ষণ কৰিয়েই দায়িত্ব সামৰিলে।

তেওঁ কয়, আমি স্থানীয় ৰাইজে দাবী কৰিছিলোঁ নদীৰ সোঁত সলনি কৰিবলৈ। আমি স্থানীয় ৰাইজে ব্যক্তিগত প্ৰচেষ্টাৰে গৰাখহনীয়া ৰোধ কৰিবলৈ চেষ্টা কৰিছিলোঁ যদিও যোৱা নিশা অহা বানপানীৰ ফলত গৰাখহনীয়া বৃদ্ধি পাইছে। একমাত্ৰ পথটোৰে এটা অংশ ইতিমধ্যে খহাই নিছে। যদি শীঘ্ৰেই সুৰক্ষামূলক ব্যৱস্থা নকৰে তেন্তে আজি নিশালৈকে পথটো সম্পূৰ্ণৰূপে নৈত জাহ যাব।