বড়োলেণ্ড

তামুলপুৰত অবৈধ সুৰাৰ গুডামত আবকাৰী চোৰাংচোৱাৰ অভিযান

Asomiya Pratidin

ডিজিটেল সংবাদ,তামুলপুৰ : চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত সস্তীয়া দামত সুৰা ক্ৰয় কৰি কোনে অসমত অবৈধ সুৰাৰ ৰমৰমীয়া ব্যৱসায় চলাইছে ! সস্তীয় দামত ক্ৰয় কৰি অসমত বিক্ৰী কৰিছে তিনিগুন অধিক মূল্যত ।

কাক কাক মেনেজ কৰি পিছলা নামৰ লোকজনে নিৰ্বিঘ্নে চলাইছে অবৈধ বিলাতী সুৰাৰ ৰমৰমীয়া বেহা ! পোহৰলৈ অহা তথ্য অনুসৰি ভূটানত ৬০ টকাৰ সুৰা ভাৰতত অহাৰ লগে লগেই হৈ পৰে একো একোটা ব্ৰেণ্ডেট সুৰা ।

দেওবাৰে আবকাৰী চোৰাংচোৱা সংস্থাই তামুলপুৰত বৃহৎ অভিযান চলায় ৷ অবৈধ বিলাতী সুৰাৰ বৃহৎ ব্যৱসায়ৰ বিৰুদ্ধে চলাই এই অভিযান ৷

অভিযানত ২৫ লক্ষাধিক টকা মূল্যৰ ভূটানৰ বিলাতী সুৰা জব্দ কৰে । পংকজ কলিতা ওৰফে পিছলাৰ কেইবাটাও গুডামত চলাই এই অভিযান । বহুদিনৰ পৰাই ভূটানৰ পৰা সুৰা আনি অসমৰ নকল লেবেল - হলোগ্ৰাম লগাই ৰমৰমীয়া বেহা চলোৱাৰ কথা জানিব পৰা গৈছে ।

সুৰাৰ অবৈধ উদ্যোগলৈ পৰিণত কৰি দীৰ্ঘদিনৰ পৰা সুৰাৰ অবৈধ ব্যৱসায় চলাই আহিছিল পিছলাই ৷ তামুলপুৰ জিলাৰ দলংপাৰ, ঘগ্ৰা চ'ক, চিকনীবাৰীকে ধৰি কেইবাঠাইত এই অভিযান চলাই আবকাৰীৰ দলে ।

উল্লেখ্য যে সস্তীয়া দামত ভূটানৰ পৰা সুৰা আনি ইয়াত বটলত ভৰাই অসমৰ ডুপ্লিকেট- হলোগ্ৰাম আৰু লেবেল লগাই ভেজাল সুৰাৰ বৃহৎ ব্যৱসায় চলাই আহিছিল ৷ অভিযানত ভুটানত তৈয়াৰী ৪৬১ কাৰ্টুন সুৰা জব্দ কৰে অভিযানকাৰী দলটোৱে ।

ইফালে আবকাৰী চোৰাংচোৱা অহাৰ উমান পাই পলায়ন কৰে পংকজ কলিতা ওৰফে পিছলাই । অভিযানকাৰী দলটোৱে ইতিমধ্যে পংকজ কলিতা ওৰফে পিছলাৰ পত্নীক সোধা-পোচাৰ বাবে আটক কৰিছে ।

উল্লেখ্য যে, চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ মুখ্য দুৱাৰত তীব্ৰ নিৰাপত্তাৰ লগতে তালাচী চলাই নিৰাপত্তাৰক্ষীয়ে । তেনেস্থলত ভূটানৰ পৰা অসমলৈ কিদৰে ২৫ লক্ষাধিক টকা মূল্যৰ সুৰা সৰবৰাহ হ'ল তাক লৈ সৃষ্টি হৈছে ঘন ৰহস্যৰ ।