বড়োলেণ্ড

ভাৰত-ভূটান সীমান্তত সুৰাসহ এজন লোক আটক...

Asomiya Pratidin

ডিজিটেল সংবাদ তামুলপুৰঃ ভাৰত-ভূটান সীমান্তৰ দৰঙ্গামেলাত আবকাৰী বিভাগে অভিযান চলাই সুৰাসহ এজন লোকক আটক কৰিবলৈ সক্ষম হয়৷ তামুলপুৰ আৱকাৰী বিভাগে অবৈধ ভূটানী সুৰাৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অভিযান চলাই থকাৰ মাজতে একাংশ অসাধু লোকে অব্যাহত ৰাখিছে ভূটানী সুৰা সৰবৰাহ ৰমৰমীয়া ব্যৱসায় ৷

ভাৰত ভূটান সীমান্তৰ দৰঙ্গামেলাত তামুলপুৰৰ আৱকাৰীৰ ভাৰপ্ৰাপ্ত বিষয়া বাবুল বৈশ্য আৰু ৬৪ নং এছ এছ বিয়ে এক গোপন সূত্ৰৰ পম খেদি ১৫ কাৰ্টুন ভূটানী সুৰা ভৰ্তি এ এছ ০৬ এফ ০২৭৪ নম্বৰৰ চাৰিচকীয়া বাহন এখন জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে চাৰিচকীয়া বাহনখনেৰে ভূটানৰ পৰা কুমাৰীকাটালৈ আনি থকা অৱস্থাতে আবকাৰী বিভাগ আৰু এছ এছ বিৰ লোকে সুৰাসহ বাহনখন জব্দ কৰিবলৈ সক্ষম হয়।

পিছত আৱকাৰী বিভাগে জব্দকৃত সুৰাসহ বাহনখন আৱকাৰী বিভাগৰ কাৰ্যালয়লৈ আনে। ইপিনে আবকাৰী আৰু এছ এছ বিৰ লোকে সুৰা সৰবৰাহী এজন লোকক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন লোকজন তুফান আৰ্য (৩০)।