কোকৰাঝাৰত আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ পাৰিষদক বিপুল আদৰণি... 
বড়োলেণ্ড

কোকৰাঝাৰত আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ পাৰিষদক বিপুল আদৰণি...

Asomiya Pratidin

ডিজিটেল সংবাদ কোকৰাঝাৰঃ আদিবাসী সশস্ত্ৰ সংগঠনসমুহ মূলসুঁতিলৈ ঘূৰি অহাৰ পিছত ৰাজ্য চৰকাৰে আদিবাসী জনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়নৰ বাবে আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদ গঠন কৰাৰ পিছত আদিবাসী জনগোষ্ঠীৰ সাধাৰণ ৰাইজৰ মাজত ব্যাপক উছাহ-উদ্দীপনা পৰিলক্ষিত হৈছে। প্ৰায় প্ৰতিদিনে আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ পাৰিষদসকলক ৰাজ্যৰ বিভিন্ন স্থানত সম্বৰ্ধনা জনোৱা দেখা গৈছে।

আজি কোকৰাঝাৰ জিলাৰ দোলোৱাবাৰীত আদিবাসী দল -সংগঠন আৰু কোকৰাঝাৰ চাহবাগিছাই যৌথভাৱে আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ পাৰিষদবৃন্দক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ এক বিশাল সম্বৰ্ধণা সভাৰ আয়োজন কৰে। সেই অনুসৰি ৰাতিপুৱা কাৰ্যসূচী অনুসৰি পতাকা উত্তোলন কৰে আয়োজক সমিতিৰ সভাপতি পিল্টু উৰাও, ছহিদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সমাজকৰ্মী ডিএন ভগত আৰু গছপুলি ৰোপন কাৰ্যসূচীৰ শুভাৰাম্ভ কৰে শিক্ষক উদয় উৰাওে।

ইয়াৰ পিছতেই সম্বৰ্ধনা অনুষ্ঠান আৰম্ভ হয় আৰু বহুতো দল -সংগঠন আৰু স্থানীয় ৰাইজে আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ পাৰিষদসকলক বিপুলভাৱে সম্বৰ্ধনা জনায় । ইয়াৰোপৰি আদিবাসীসকলৰ পৰম্পৰাগত কলা-কৃষ্টি প্ৰদৰ্শন কৰি মাদলৰ তালে তালে নাচ -গানেৰে সভাথলীত এক উছবমুখৰ পৰিৱেশৰ সৃষ্টি হয়।

ইপিনে উক্ত সম্বৰ্ধনা অনুষ্ঠানত আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ অধ্যক্ষ অসীম হাসদাই কয় যে, পাঁচটা সংগঠনৰ আঠোটা গোটৰ কোনো এগৰাকীও সদস্য অসম চৰকাৰৰ পুনৰ সংস্থাপনৰ আঁচনিৰ পৰা বাদ পৰি নাযায়। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে বিষয়টো সন্দৰ্ভত ঘোষণা আগবঢ়াইছে আৰু যিসকল সদস্য দুৰ্ভাগ্যজনকভাৱে বাদ পৰি গৈছে তেওঁলোকৰ পুনৰ ভেৰিফিকেচন হ'ব আৰু আন সদস্যসকলৰ দৰে চৰকাৰৰ পুনৰ সংস্থাপন ব্যৱস্থাৰ আওতাত সোমাই পৰিব।

আনহাতে সভাত উপস্থিত থকা আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ উপাধ্যক্ষ সুভাষ তিৰ্কী ওৰফে বীৰসিং মুণ্ডাই কয় যে, অসমৰ সকলোতকৈ পিছপৰা জনগোষ্ঠী হ'ল আদিবাসী। আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদে চুক্তি অনুসৰি শৈক্ষিক , আৰ্থসামাজিক, ক্ৰীড়া, কৃষি আদিকে ধৰি জনগোষ্ঠীটোৰ উন্নয়নৰ স্বাৰ্থত অহোপুৰুষাৰ্থ চেষ্টা চলাব আৰু এইক্ষেত্ৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দেখুওৱা যোগাত্মক দৃষ্টিভঙ্গীয়ে জনগোষ্ঠীটোৰ উত্তৰণ সাধন কৰিব বুলি মত প্ৰকাশ কৰিছে আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ উপাধ্যক্ষ সুভাষ তিৰ্কী ওৰফে বীৰসিং মুণ্ডাই।

সাংবাদিকৰ এক প্ৰশ্নোত্তোৰত তেওঁ জনজাতিকৰণ আৰু আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদ বিষয় দুটা সম্পূৰ্ণ সুকীয়া বুলি মন্তব্য কৰি আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদ গঠন হোৱা মানেই জনজাতিকৰণ বিষয়টো তল পৰি নাযায় বুলি মন্তব্য কৰে । জনজাতিকৰণ হ'ল সাংবিধানিক বিষয় আৰু জনগোষ্ঠীটোৰ উন্নয়নৰ স্বাৰ্থত হে পৰিষদ গঠন কৰা হৈছে বুলি মন্তব্য কৰি জনজাতিকৰণৰ বাবে জাতীয় দল -সংগঠনসমূহে আন্দোলন অব্যাহত ৰাখিব বুলি মন্তব্য কৰিছে ।

গণতান্ত্ৰিক সমাজ ব্যৱস্থাত জাতীয় সংগঠন অবিহনে সমাজ কেতিয়াও পৰিচালিত নহয় বুলি উল্লেখ কৰি অসম তথা ভাৰতে চৰকাৰে আদিবাসী জনগোষ্ঠীক জনজাতিকৰণৰ বাবে কাৰ্যব্যৱস্থা হাতত ল'ব বুলি আশা প্ৰকাশ কৰিছে। সম্বৰ্ধনা উপলক্ষে অনুষ্ঠিত হোৱা সভাত আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ মুখ্য কাৰ্যবাহী দূৰ্গা হাসদা, প্ৰায়ভাগ পাৰিষদ, বিভিন্ন দল - সংগঠনৰ নেৰ্তৃবৰ্গ , বিটিচিৰ কাৰ্যবাহী সদস্য ক্ৰমে অৰূপ কুমাৰ দে, উইলচন হাসদা আৰু ৰাজীৱ কুমাৰ ব্ৰহ্ম উপস্থিত আছিল ।