কোকৰাঝাৰত দুই অভিলাষী প্ৰকল্পৰ আধাৰশিলা স্থাপন... 
বড়োলেণ্ড

কোকৰাঝাৰত দুই অভিলাষী প্ৰকল্পৰ আধাৰশিলা স্থাপন...

Asomiya Pratidin

ডিজিটেল সংবাদ কোকৰাঝাৰঃ বিটিআৰৰ সদৰভূমি কোকৰাঝাৰ চহৰত আজি দুই অভিলাষী প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে। ইয়াৰে এটা হ'ল অত্যাধুনিক সা-সুবিধাযুক্ত টাউন হল তথা অডিটৰিয়াম আৰু আনটো হ'ল ৰাজ্যিক অতিথিশালা।

প্ৰথমে পুৱা কোকৰাঝাৰ চহৰৰ হাব্ৰু্বাৰীত নগৰ আন্তঃগাঁথনি পুঁজিৰ অধীনত ২৪ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া অত্যাধুনিক সা-সুবিধাযুক্ত টাউন হল তথা অডিটৰিয়ামৰ আধাৰশিলা মাংগলিক কাৰ্য্যসূচীৰ জৰিয়তে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে স্থাপন কৰে। ইয়াৰ পিচতে হালোৱাদল, বাংগালডোবা আৰু ফালগুৰীৰ মাজত এক বৃহৎ এলেকাত ২১ কোটি ৮৬ লাখ ১৯ হাজাৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া ৰাজ্যিক অতিথিশালাৰ আৰু অডিটৰিয়ামৰ আধাৰশিলা স্থাপন কৰে।

ইপিনে আধাৰশিলা স্থাপন কৰি সংবাদ মাধ্যমৰ আগত বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে কয় যে, উপৰোক্ত দুই অভিলাষী প্ৰকল্পৰ উপৰিও কোকৰাঝাৰ চহৰৰ গৌৰাং নৈৰ পাৰত ১১০ কোটি টকা ব্যয় সাপেক্ষে এখন অত্যাধুনিক ফুটবল ষ্টেডিয়াম নিৰ্মাণৰ শীঘ্ৰেই আৰম্ভ কৰা হ'ব৷ ইয়াৰোপৰি ১৫ কোটি ব্যয় সাপেক্ষে শিক্ষক প্ৰশিক্ষণ ভৱনো নিৰ্মান কৰা হ'ব।

পূৰ্বতে ডাঙৰ ইভেণ্ট হলে অতিথিশালাৰ অভাৱত ঢালিগাঁওৰ বিআৰপিএলৰ অতিথিশালাতো অতিথি ৰাখিব লগা হৈছিল বুলি মন্তব্য কৰি প্ৰমোদ বড়োৱে কয় যে, নিৰ্মানকাৰ্য সম্পূৰ্ণ হোৱাৰ পিছত এটা ডাঙৰ অভাৱ পূৰণ হ'ব। আজিৰ অনুষ্ঠানত বিটিচিৰ কাৰ্যবাহী সদস্য উইলচন হাসদা, কোকৰাঝাৰ পৌৰ নিগমৰ অধ্যক্ষা প্ৰতিভা ব্ৰহ্ম আদিকে ধৰি আন বহু বিশিষ্টই অংশগ্ৰহণ কৰে।