দোতমাত গ্ৰেণেড নিক্ষেপ কৰা ঘটনাৰ সৈতে জড়িত চাৰি KLO সদস্য আটক... 
বড়োলেণ্ড

দোতমাত গ্ৰেণেড নিক্ষেপ কৰা ঘটনাৰ সৈতে জড়িত চাৰি KLO সদস্য আটক...

Asomiya Pratidin

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ দোতমাত গ্ৰেনেড নিক্ষেপ কৰা ঘটনাৰ সতে জড়িত চাৰি কে এল অ' সদস্যক অৱশেষত আটক কৰিবলৈ সক্ষম হ'ল আৰক্ষী। আটকাধীন কে এল অ' সদস্যকেইজন হ'ল ক্ৰমে কনক অধিকাৰী (২৬, ৰামফলবিল), অৰ্জুন ৰায় (১৯ ,সেৰফাংগুৰী), অনুপম ৰায় (৩৪,পশ্চিম ডাঙৰখুটি ) আৰু প্ৰসেনজিৎ ৰায় (২৬,হাকমাবিল ) ইয়াৰে কনক অধিকাৰী আৰু অৰ্জুন ৰায় কে এল অ' প্ৰশিক্ষণপ্ৰাপ্ত সদস্য বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে কোকৰাঝাৰ জিলাৰ দোতমাৰ সৰকাৰ ষ্টোৰ নামৰ গেলামাল দোকানৰ স্বত্বাধিকাৰী সমেন সৰকাৰৰ পৰা পাঁচলাখ টকা ধনদাবী কৰিছিল কে এল অ'ই । কিন্তু দাবী কৰা ধন আদায় নিদিয়াৰ বাবে যোৱা বৰ্ষৰ অৰ্থাৎ ২০২৩ চনৰ ৯ ডিচেম্বৰৰ নিশা গেলামাল দোকানখনত গ্ৰেণেড নিক্ষেপ কৰিছিল কে এল অ' সদস্যই।

অৱশ্যে সৌভাগ্যক্ৰমে গ্ৰেণেডটো বিস্ফোৰিত নোহোৱাত ৰক্ষা পৰিছিল সেইসময়ত দোকানত থকা লোকসকল। ইপিনে উক্ত ঘটনাৰ পিছতে আৰক্ষীয়ে জোৰদাৰ তদন্ত অব্যাহত ৰাখিছিল। তদন্তত দোতমাৰ গ্ৰেণেড নিক্ষেপ ঘটনাৰ সতে কনক অধিকাৰী জড়িত থকাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে।

আনহাতে দোতমাৰ গ্ৰেণেড নিক্ষেপ ঘটনাৰ পিছতে কনক অধিকাৰী যোৱা জানুৱাৰী মাহত ধুবুৰী জিলাৰ গৌৰীপুৰত ধনদাবী কৰি আৰক্ষীৰ হাতত আটক হৈছিল। আটক হোৱাৰ পিছত ধুবুৰীৰ জেলত আছিল কনক অধিকাৰী।

যোৱা ৯ এপ্ৰিলত কনক অধিকাৰীক ধুবুৰীৰ পৰা সোধপোছৰ বাবে দোতমা লৈ আহে আৰক্ষীয়ে। সোধপোছৰ পিছত কনক অধিকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিতে কোকৰাঝাৰ আৰু দোতমা আৰক্ষীয়ে বুধবাৰে গ্ৰেণেড নিক্ষেপ ঘটনাৰে জড়িত আন তিনিজন কে এল অ' সদস্যক আটক কৰিবলৈ সক্ষম হয়।

ইয়াৰে অৰ্জুন ৰায়ক বঙাইগাঁওৰ পৰা আটক কৰাৰ বিপৰৰীতে আন দুজন ক্ৰমে অনুপম ৰায় আৰু প্ৰসেনজিৎ ৰায়ক নিজ নিজ গাঁৱৰ পৰা আটক কৰে আৰক্ষীয়ে ৷ আৰক্ষীয়ে এখন পালছাৰ মটৰচাইকেল আৰু তিনিটা মোবাইল ফোন জব্দ কৰিছে ।

ইপিনে দোতমা আৰক্ষীয়ে আজি চাৰিওজনকে কোকৰাঝাৰৰ মুখ্য ন্যায়িক আদালতৰ দণ্ডাধীশৰ চেম্বাৰত হাজিৰ কৰায়। আৰক্ষীয়ে পাঁচদিনৰ জিন্মাত বিচাৰিছিল যদিও আদালতে চাৰিদিনৰ বাবে আৰক্ষীৰ জিন্মালৈ প্ৰেৰণ কৰে চাৰি অভিযুক্তক ।