বড়োলেণ্ড

ওদালগুৰিত উপস্থিত সাধাৰণ পৰ্যবেক্ষণ ড০ এম আৰ ৰবি

Asomiya Pratidin

ডিজিটেল সংবাদ, ওদালগুৰি : লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত দৰং-ওদালগুৰি সমষ্টিৰ সাধাৰণ পৰ্যবেক্ষক হিচাপে ওদালগুৰিত উপস্থিত হৈছে ড০ এম আৰ ৰবি।নিৰ্বাচন পৰ্যবেক্ষক ড° এম আৰ ৰবিক ওদালগুৰিৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ প্ৰথম মহলাৰ ২ নং কোঠাত সাক্ষাৎ কৰিব পাৰিব বুলি জানিবলৈ দিয়ে।

আনহাতে দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ ব্যয় পৰ্যবেক্ষক হিচাপে দীপক আনন্দো উপস্থিত হোৱাৰ কথা জানিব পৰা গৈছে। অৱশ্যে ব্যয় পৰ্যবেক্ষকগৰাকী কিছুদিন পূৰ্বেই উপস্থিত হৈছে।

ব্যয় পৰ্যবেক্ষক আনন্দক জিলা উপায়ুক্ত কাৰ্যালয়ৰ চৌহদৰ তলৰ মহলাৰ ৪১ নং কোঠাত ৰাজহুৱা সভাৰ বাবে সাক্ষাৎ কৰিব পাৰিব। ভোটাৰসকলে তেওঁৰ সৈতে ৯২৮৪৩৯৮৩৩৮ নম্বৰত যোগাযোগ কৰিব পাৰে আৰু যিকোনো অভিযোগৰ বাবে ই-মেইল আইডি deepak.anand@incometax.gov.inত যোগাযোগ কৰিব পাৰিব বুলি উল্লেখ কৰে।

উল্লেখ্য যে, ওদালগুৰিৰ জিলা আয়ুক্ত তথা দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ ৰিটাৰ্নিং বিষয়া জাবীৰ ৰাহুল সুৰেশে এক প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা উল্লেখ কৰিছে। দীপক আনন্দ চাৰ্কিট হাউছৰ ২ নং কোঠা( গ্ৰাউণ্ড ফ্ল’ৰ)তো উপলব্ধ হ’ব বুলি উল্লেখ কৰে।