বড়োলেণ্ড

কোনে হত্যা কৰিলে গেৰেমছা নাৰ্জাৰীক? আৰক্ষীয়ে ক'লে সোনকালেই আটক হ'ব অভিযুক্ত

Asomiya Pratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ মাগুৰমাৰী চাহবাগানত আইটিআইৰ ছাত্ৰ তথা কোকৰাঝাৰৰ ৰূপাথী নগৰৰ তিনি নং ৱাৰ্ডৰ বাসিন্দা জগদ্বীপ নাৰ্জাৰীৰ পুত্ৰ গেৰেমছা নাৰ্জাৰীৰ( ১৯ ) মৃতদেহ শনিবাৰে উদ্ধাৰ হয়। ইয়াৰ পিছতে ছাত্ৰগৰাকীৰ হত্যাকাণ্ড সন্দৰ্ভত বিয়লি ৬:৩০ বজাত কোকৰাঝাৰ সদৰ থানাত আৰক্ষীয়ে এক সংবাদমেল আয়োজন কৰে।

সংবাদমেলত সম্বোধন কৰি অতিৰিক্ত আৰক্ষী অধীক্ষক পৃথ্বিৰাজ ৰাজখোৱাই হত্যাকাণ্ডটো সম্পূৰ্ণ ব্যক্তিগত কাৰণত হোৱা বুলি দাবী কৰিছে । টকা পইচাৰ লেনদেনক লৈ হত্যাকাণ্ডটো সংঘটিত হৈছে আৰু ইয়াত আন কোনো বেলেগ কাৰণ নাই বুলি উল্লেখ কৰে।

লগতে কয় যে, অতি সোনকালে অভিযুক্ত ধৰা পৰিব বুলি মন্তব্য কৰি পেটত আৰু মূৰত পোৱা আঘাতৰ বাবে গেৰেমছা নাৰ্জাৰীৰ মৃত্যু হোৱা বুলি মত প্ৰকাশ কৰিছে অতিৰিক্ত আৰক্ষী অধীক্ষক পৃথ্বিৰাজ ৰাজখোৱাই । তদুপৰি মৃতকৰ মোবাইল আৰু স্কুটী অতি সোনকালেই উদ্ধাৰ কৰিব পৰা যাব বুলি আশা প্ৰকাশ কৰিছে অতিৰিক্ত আৰক্ষী অধীক্ষক পৃথ্বিৰাজ ৰাজখোৱাই ।

উল্লেখ্য যে, ৩ দিন ধৰি নিৰুদ্দেশ আছিল যুৱকজন। পৰিয়ালৰ লোকে বহু ঠাইত বিচাৰ-খোচাৰ কৰিও সন্ধান পোৱা নাছিল গেৰেমছা নাৰ্জাৰীৰ৷ আজি স্থানীয় ৰাইজে মাগুৰমাৰীৰ চাহবাগানত এটা মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে ৷