কোকৰাঝাৰৰ ৫ খন পূজা মণ্ডপ দৰ্শন কৰিলে মুখ্যমন্ত্ৰীয়ে... 
বড়োলেণ্ড

কোকৰাঝাৰৰ ৫ খন পূজা মণ্ডপ দৰ্শন কৰিলে মুখ্যমন্ত্ৰীয়ে...

Asomiya Pratidin

ডিজিটেল সংবাদ কোকৰাঝাৰঃআজি কোকৰাঝাৰৰ বিভিন্ন দুৰ্গা পূজাস্থলীত দেৱী দৰ্শনৰ বাবে উপস্থিত হয়হি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। পুৱাই হেলিকপ্টাৰ যোগে কোকৰাঝাৰ গ্ৰীণ ফিল্ডত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড০ শৰ্মাই গ্ৰীণ ফিল্ডৰ পৰা পোনে পোনে পথযোদে আহি উপস্থিত হয় কোকৰাঝাৰ বড়ো বজাৰত থকা পূজাৰ মণ্ডপত।

ইয়াত দেৱী আৰধনা কৰাৰ পাছত তেওঁ সংবাদ মাধ্যমৰ আগত কয়, মুখ্যমন্ত্ৰী এজনে গুৱাহাটীতে নাথাকি সকলো ঠাইৰ ৰাইজৰ সতে একাত্ম হ'লে ৰাইজে ভাল পায়। তেওঁ সকলো ৰাইজলৈ শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছাও জনায়।

তেওঁ পুনৰ কয়, যোৱা লোকসভা নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি অনুসৰি মই কোকৰাঝাৰত মা দুৰ্গাৰ আশীষ ল'বলৈ উপস্থিত হৈছো। কোকৰাঝাৰৰ পূজালৈ আহি আধ্যাত্মিক শান্তি পালো। মা দুৰ্গাই সকলোকে যাতে সমন্বয়ৰ বান্ধোনেৰে ৰাখে আৰু সকলোকে আশীৰ্বাদ দিয়ে তাৰ বাবে প্ৰাৰ্থনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

ইয়াৰ পিছতে তেওঁ ডিপোট ৰোডৰ পূজা মণ্ডপ, গৌৰ নগৰৰ পূজা মণ্ডত, শান্তিনগৰ আৰু সুভাষপল্লীৰ পূজা মণ্ডপ দৰ্শন কৰি দেবী দুৰ্গাৰ আশীৰ্বাদ লয়। কোকৰাঝাৰত মুঠ পাঁচখনকৈ পূজা মণ্ডপ দৰ্শন কৰি মুখ্যমন্ত্ৰী ৰাওনা হয় চিৰাং জিলাৰ বাসুগাঁৱলৈ।

ইয়াৰ পিছতেই মুখ্যমন্ত্ৰীগৰাকী বঙাইগাঁৱত উপস্থিত হ'ব আৰু তাৰ পৰা চিৰাং জিলাৰ বিজনীলৈ যাব। বিজনীৰ নৱনিৰ্মিত ঐতিহাসিক লক্ষ্মী মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত অংশগ্ৰহণ কৰিব। সন্ধিয়াৰ ভাগত মুখ্যমন্ত্ৰীয়ে বিজনীৰ পৰা স্থলপথেৰে গুৱাহাটীলৈ যাত্ৰা কৰিব বুলি জানিব পৰা গৈছে।